ETV Bharat / state

অসমৰ বানাক্ৰান্ত এলেকাৰ বাবে কেন্দ্ৰক এহেজাৰ কোটি টকাৰ সাহাৰ্য দাবী AJYCP ৰ

author img

By

Published : Jun 24, 2022, 9:38 PM IST

বান আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP Demands Assam flood, erosion to be declared as a national problem) । বান বিধ্বস্ত অঞ্চলৰ বাবে এহেজাৰ কোটি টকাৰ সাহাৰ্য প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনায় সংগঠনটোৱে ৷
AJYCP Demands Assam flood, erosion to be declared as a national problem
অসমৰ বানাক্ৰান্ত এলেকাৰ বাবে কেন্দ্ৰক এহেজাৰ কোটি টকাৰ সাহাৰ্য দাবী AJYCP ৰ

নগাঁও, 24 জুন: ক্ৰমাৎ উন্নত হৈছে অসমৰ বান পৰিস্থিতি (Flood in Assam)। এই বানে নগাঁৱৰ ৰহা, কামপুৰৰো শতাধিক পৰিয়ালে গৃহহাৰা হৈ বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে (Flood in Nagaon) । শুকুৰবাৰে নগাৱঁৰ বানাক্ৰান্তসকলৰ মাজত থিয় দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি ৷ উক্ত স্থানত উপস্থিত হৈ সৰ্বহাৰা হোৱা লোকসকলৰ মাজত সাহাৰ্য বিতৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (Flood relief distribution by AJYCP) ।

লগতে বানে বিধ্বস্ত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয় সংগঠনটোৱে (AJYCP visited flood affected area of Nagaon) ৷ লগতে সংগঠনটোৰ নগাঁও জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰে AJYCPৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনায় ( AJYCP Demands Assam flood, erosion to be declared as a national problem) ৷ ইয়াৰ লগতে বান বিধ্বস্ত অঞ্চলৰ বাবে এহেজাৰ কোটি টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

অসমৰ বানাক্ৰান্ত এলেকাৰ বাবে কেন্দ্ৰক এহেজাৰ কোটি টকাৰ সাহাৰ্য দাবী AJYCP ৰ

অসমৰ বান আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰৰ হাতে ভৰিয়ে ধৰি সাহাৰ্য বিচাৰিব নালাগে বুলিও মন্তব্য কৰে সংগঠনটোৰ কেন্দ্ৰীয় নেতা পলাশ চাংমাই । সম্প্ৰতি বানে ধ্বংস কৰা ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ বাট পথ মেৰামতি কৰি দিয়াৰ লগতে বাঢ়নী পানীয়ে ছিগা মথাউৰিসমূহো অতি শীঘ্ৰেই মেৰামতি কৰিবলৈও দাবী জনায় সংগঠনটোৱে ৷

তাৰোপৰি, বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰো দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাই । লগতে প্ৰতি বছৰে বানে ৰাজ্যখনৰ যথেষ্ট ক্ষতি সাধন কৰি অহাৰ কথাও উল্লেখ কৰি অসমৰ বান গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ বিগত ৪০ বছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনায় অহা বুলিও সংবাদ মেলত মন্তব্য কৰে পলাশ চাংমাই ।

লগতে পঢ়ক: IB Director : ভাৰতীয় চোৰাংচোৱাৰ সঞ্চালকৰ পদত অসমৰ তপন কুমাৰ ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.