ETV Bharat / bharat

IB Director : ভাৰতীয় চোৰাংচোৱাৰ সঞ্চালকৰ পদত অসমৰ তপন কুমাৰ ডেকা

author img

By

Published : Jun 24, 2022, 7:14 PM IST

Updated : Jun 24, 2022, 7:30 PM IST

চোৰাংচোৱাৰ অভিযান শাখাত কাৰ্যনিৰ্বাহ কৰি থকা তপন কুমাৰ ডেকাই চোৰাংচোৱাৰ সঞ্চালক পদত আগন্তুক দুবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰিব । কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে জাৰি কৰা চৰকাৰী নিৰ্দেশত এই কথা প্ৰকাশ (official order issued by Personnel Ministry)।

Tapan Deka
Tapan Deka

নিউজ ডেস্ক, ২৪ জুন : অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ (proud moment to Assamese people) । ভাৰতীয় চোৰাংচোৱা সংস্থাৰ শীৰ্ষ পদত অধিষ্ঠিত হৈছে এগৰাকী অসমীয়া । জ্যেষ্ঠ আইপিএছ বিষয়া তপন কুমাৰ ডেকাক শুকুৰবাৰে চোৰাংচোৱাৰ মুখ্য পদবীত নিযুক্তি প্ৰদান কৰা হয় (Tapan Kumar Deka appointed Intelligence Bureau chief) । ইয়াৰ পূৰ্বে ভাৰতীয় চোৰাংচোৱাৰ মুখ্য পদবীত আছিল অৰবিন্দ কুমাৰ (replacing Arvind Kumar) । তেওঁৰ কাৰ্যকাল ৩০ জুনলৈ সম্প্ৰসাৰণ কৰা হৈছিল ।

চোৰাংচোৱাৰ অভিযান শাখাত কাৰ্যনিৰ্বাহ কৰি থকা তপন কুমাৰ ডেকাই চোৰাংচোৱাৰ সঞ্চালকৰ পদত আগন্তুক দুবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰিব । কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে জাৰি কৰা চৰকাৰী নিৰ্দেশত এই কথা প্ৰকাশ (official order issued by Personnel Ministry)।

তপন কুমাৰ ডেকাৰ জন্ম বৰপেটা জিলাত আৰু তেওঁ ডাঙৰ-দীঘল হৈছে তেজপুৰত । তেওঁ হিমাচল প্ৰদেশ কেডাৰৰ (Himachal Pradesh cadre) ১৯৮৮ বেটচৰ আইপিএছ বিষয়া (1988 batch IPS officer) । আনহাতে, নিৰ্দেশনাটোত চোৰাচোৱাৰ গৱেষণা আৰু বিশ্লেষণ শাখাৰ মুৰব্বী সামন্ত গোৱেলৰ কাৰ্যকালো এবছৰ বৃদ্ধি কৰা বুলি মন্ত্ৰালয়ে জনাইছে ।

৫৮ বছৰীয়া তপন কুমাৰ ডেকা বৰ্তমান আইবিৰ বিশেষ সঞ্চালক (Special Director of IB) হিচাবে কৰ্মৰত আৰু জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ দায়িত্বত আছে । তপন কুমাৰ ডেকা বিশেষভাৱে ভাৰতীয় চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থাৰ (NSA) প্ৰধান অজিত ডোভালৰ (Ajit Doval) ঘনিষ্ঠ হিচাবে জনা যায় । তেওঁ ১৯৯৮ চনত চোৰাংচোৱাত অংশগ্ৰহণ কৰে (joined Intelligence Bureau in 1998) আৰু তেতিয়াৰে পৰা আৰক্ষীৰ পোছাকত দেখা পোৱা যোৱা নাই ।

তপন কুমাৰ ডেকা এগৰাকী প্ৰাক্তন আছু নেতা (former AASU leader) আৰু পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী । তেওঁ প্ৰথম পদক্ষেপতে ভাৰতীয় আৰক্ষী সেৱাত উত্তীৰ্ণ হয় । উল্লেখ্য, তপন কুমাৰ ডেকা উত্তৰ-পূবৰ পৰা নিযুক্ত প্ৰথমগৰাকী ভাৰতীয় চোৰাংচোৱাৰ সঞ্চালক (first Director of Intelligence Bureau from north-east) ।

লগতে পঢ়ক :গুজৰাটৰ সাম্প্ৰদায়িক সংৰ্ঘষ: নৰেন্দ্ৰ মোডীক ক্লিন চিট উচ্চতম ন্যায়ালয়ৰ

Last Updated : Jun 24, 2022, 7:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.