গুজৰাটৰ সাম্প্ৰদায়িক সংৰ্ঘষ: নৰেন্দ্ৰ মোডীক ক্লিন চিট উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Jun 24, 2022, 12:53 PM IST

supreme-court-dismiss-zakia-jafri-plea-in-2002-gujarat-riots-says-not-merit

গুজৰাটৰ সাম্প্ৰদায়িক সংৰ্ঘষত নাম সাঙোৰ খোৱা সেইসময়ৰ গুজৰাটৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক্লিন চিট উচ্চতম ন্যায়ালয়ৰ (Narendra Modi) ৷ ২০০২ চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংৰ্ঘষত তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক্লিন চিট দিছিল এছ আই টিয়ে (SIT on Gujarat riots) ৷ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে এছআইটি প্ৰতিবেদনৰ বিৰুদ্ধে দাখিল কৰা আৱেদন ৷

নতুন দিল্লী, 24 জুন: দেশজুৰি আলোড়নৰ সৃষ্টি কৰা গুজৰাটৰ সাম্প্ৰদায়িক সংৰ্ঘষত নাম সাঙোৰ খোৱা সেইসময়ৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক্লিন চিট উচ্চতম ন্যায়ালয়ৰ (Supreme Court given Clean seat to Narendra Modi) ৷ ২০০২ চনৰ গুজৰাট সাম্প্ৰদায়িক সংৰ্ঘষত গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক্লিন চিট দিছিল বিশেষ অনুসন্ধানকাৰী দলে (SIT) ৷

উল্লেখ্য যে, এছ আই টিৰ উক্ত প্ৰতিবেদনৰ বিৰুদ্ধে জাকিয়া জাফৰিয়ে দাখিল কৰিছিল আবেদন (Zakia jafri) ৷ গুজৰাটৰ সাম্প্ৰদায়িক সংৰ্ঘষত মৃত্যু হৈছিল জাকিয়া জাফৰিৰ স্বামী তথা প্ৰাক্তন সাংসদ আহচান জাফৰীৰ ৷

অৱশেষত, উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে এছআইটি প্ৰতিবেদনৰ বিৰুদ্ধে দাখিল কৰা আবেদন ৷ আদালতে এছআইটিৰ তদন্তৰ প্ৰতিবেদন শুদ্ধ বুলি বিবেচনা কৰিছে ।

ন্যায়াধীশ এ এম খানউইলকাৰ, দিনেশ মহেশ্বৰী আৰু চিটি ৰবিকুমাৰৰ তিনিজনীয়া বিচাৰপীঠে উক্ত ৰায় প্ৰদান কৰে । উচ্চতম ন্যায়ালয়ে জাকিয়া জাফৰীৰ আবেদনৰ ওপৰত মাৰাথন শুনানি সম্পূৰ্ণ কৰাৰ পিছত সাত মাহ পূৰ্বে অৰ্থাৎ ৯ ডিচেম্বৰ, ২০২১ তাৰিখে ইয়াৰ ৰায় সংৰক্ষিত ৰাখিছিল ।

লগতে পঢ়ক: ক'ভিডত অনাথ হোৱা শিশুৰ বাবে বিশেষ আঁচনি ঘোষণা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.