ETV Bharat / state

অচিন ৰোগত আক্ৰান্ত সাংবাদিক বিজিত কলিতালৈ আজমল ফাউণ্ডেচনৰ সহায়ৰ হাত

author img

By

Published : Sep 27, 2021, 5:22 PM IST

অচিন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা সাংবাদিক বিজিত কলিতালৈ সহায়ৰ হাত আজমল ফাউণ্ডেচনৰ । সাংবাদিক গৰাকীৰ চিকিৎসা ব্যয়ৰ নামত আৰ্থিক সহায় আগবঢ়ালে আজমল ফাউণ্ডেচনে ।
ajmal-foundation-gives-financial-aid-to-journalist-affected-by-unidentified-disease
অচিন ৰোগত আক্ৰান্ত সাংবাদিক বিজিত কলিতালৈ আজমল ফাউণ্ডেচনৰ সহায়ৰ হাত

নগাঁও, 27 ছেপ্টেম্বৰ : গুৱাহাটীৰ পৰা সম্প্ৰচাৰিত এটা ৱেব পৰ্টেলত কৰ্মৰত সাংবাদিক তথা তাৰ্কিক বিজিত কলিতা বিগত কিছুদিন ধৰি শৰীৰৰ অচিন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । শেহতীয়াকৈ, সাংবাদিক বিজিত কলিতাৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে বুলি চিকিৎসকে জনোৱাৰ পিছতেই এই খবৰটো তেওঁৰ সতীৰ্থ সাংবাদিক সকলে সামাজিক মাধ্যম যোগে অৱগত কৰিছিল ।

অচিন ৰোগত আক্ৰান্ত সাংবাদিক বিজিত কলিতালৈ আজমল ফাউণ্ডেচনৰ সহায়ৰ হাত

সম্প্ৰতি, সাংবাদিকগৰাকীক বহিঃৰাজ্যৰ উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছে যদিও আৰ্থিক অনাতনৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে তেওঁ । উন্নত চিকিৎসাৰ প্ৰয়োজন যদিও গুৱাহাটী মেডিকেল কলেজতে চিকিৎসাধীন হৈ আছে তেওঁ ৷ অৱশেষত, তেওঁৰ স্বাস্থ্যৰ সামগ্ৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বিজিত কলিতাৰ চিকিৎসাৰ বাবে অৱশেষত সহায়ৰ হাত আগবঢ়ালে আজমল ফাউণ্ডেচনে ।

সাংবাদিক বিজিত কলিতালৈ চিকিৎসাৰ বাবে এইদৰে সহায়ৰ হাত আগবঢ়াই আজমল ফাউণ্ডেচনে দেখুৱালে মহানুভৱতা । সাংবাদিকগৰাকীৰ চিকিৎসাৰ বাবে আজমল ফাউণ্ডেচনে আগবঢ়াইছে ৫০ হাজাৰ টকাৰ সাহাৰ্য । চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য লাভ কৰি আজমল ফাউণ্ডেচনৰ লগতে ফাউণ্ডেচনৰ সঞ্চালক খচৰুল ইছলাম, পি আৰ অ’ কামৰুল হাছানক ধন্যবাদ জ্ঞাপন কৰিছে সাংবাদিক বিজিত কলিতাই ।

লগতে পঢ়ক : গৰুখুঁটি ৰক্তাক্ত কৰাৰ আঁৰত কোন তিনিটা সংগঠন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.