গৰুখুঁটি ৰক্তাক্ত কৰাৰ আঁৰত কোন তিনিটা সংগঠন ?

author img

By

Published : Sep 27, 2021, 2:06 PM IST

as_ghy_01_pfi_in_garukhuti_7206058

ৰাজ্য চৰকাৰৰ চোৰাংচোৱাই গৰুখুঁটিৰ ঘটনাৰ সৈতে তিনিটা সংগঠন জড়িত থকাৰ তথ্য সদৰি কৰিছে ৰাজ্য চৰকাৰৰ আগত ৷ এই সমগ্ৰ ঘটনাৰ আঁৰত থকা ছয়জন ব্যক্তিৰ নামো সদৰি কৰিছে ৰাজ্যৰ চোৰাংচোৱা বিভাগে ৷ বেদখলকাৰী সকলক আৰক্ষীক আক্ৰমণৰ বাবে উচতনি দিছিল এই চক্ৰটোৱে ।

গুৱাহাটী, 27 ছেপ্তেম্বৰ : ছিপাঝাৰৰ গৰুখুটিত সংঘটিত হিংসাত্মক ঘটনাক লৈ শেহতীয়াকৈ কেতবোৰ বিশেষ শক্তিয়ে দেশে-বিদেশে অসমৰ এক অন্য ছবি প্ৰচাৰ চেষ্টা চলাই আহিছে ৷ কিন্তু এই দাবীসমূহৰ পিছতো কাৰ্যতঃ যে সম্পূৰ্ণ পৰিকল্পিতভাৱেই বেদখলকাৰীসকল আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিছিল সেয়া স্পষ্ট হৈ পৰিছে৷ এইক্ষেত্ৰত তিনিটা বিশেষ সংগঠনে বেদখলকাৰীক উচটনি দিয়াই নহয়, সু-পৰিকল্পিতভাৱে আৰক্ষীক আক্ৰমণ কৰিবলৈয়ো উচতনি দিছিল ৷

ইতিমধ্যে ৰাজ্য চৰকাৰৰ চোৰাংচোৱাই গৰুখুঁটিৰ এই ঘটনাৰ সৈতে পি এফ আই জড়িত বুলি চৰকাৰক জনাইছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো পি এফ আই নামৰ এই সংগঠনটোক নিষিদ্ধ কৰিবলৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে । কিন্তু বাৰে বাৰে উত্তেজনা সৃষ্টিৰ ঘটনাত পি এফ আই জড়িত হৈ পৰে কিয় ?

as_ghy_01_pfi_in_garukhuti_7206058
গৰুখুঁটি ৰক্তাক্ত কৰাৰ আঁৰত কোন তিনিটা সংগঠন ?

মনকৰিবলগীয়া যে অসমত যেতিয়া "কা" বিৰোধী আন্দোলনে তুংগত অৱস্থান কৰিছিল তেতিয়াও "কা" ৰ বিৰোধিতাৰ নামত পি এফ আয়ে অতি সুপৰিকল্পিতভাৱে গুৱাহাটীৰ মাজমজিয়াত বহু হিংসাত্মক ঘটনা সংঘটিত কৰিছিল ৷ এই কথা পৰৱৰ্তী সময়ত তদন্তত স্পষ্ট হৈ পৰিছিল । সেই পি এফ আয়ে পুনৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে গৰুখুঁটিত নিজৰ অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক : উচ্ছেদ হ’বই, কংগ্ৰেছে কাপোৰ ফালিলে মই ভয় কৰা বিধৰ নহয় : মুখ্যমন্ত্ৰী

অৱশ্যে এইবাৰ গৰুখুঁটিৰ ঘটনাৰ আৰত কেৱল পি এফ আয়েই নাই । এই কথা চোৰাংচোৱাই ইতিমধ্যে অৱগত কৰিছে দিছপুৰক । চোৰাংচোৱাৰ তথ্য মতে গৰুখুটিৰ এই হিংসাত্মক আক্ৰমণৰ আৰত আছে পি এফ আইৰ লগতে আমছু আৰু ইত্তেহাদ ফ্ৰন্ট নামৰ আন দুটা সংগঠনো । গৰুখুঁটি ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰিছিল এই তিনি সংগঠনে ।

মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সদৰী কৰিছে যে, এই ঘটনাৰ আৰত জড়িত হৈ আছে ছয়জন বিশেষ ব্যক্তি, যাক ইতিমধ্যে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চৰকাৰে চিনাক্ত কৰিছে । চৰকাৰীভাৱে এতিয়াও এই ছয় ব্যক্তিৰ পৰিচয় ৰাজহুৱা কৰা হোৱা নাই যদিও চোৰাংচোৱাৰ সুত্ৰৰ পৰা লাভ কৰা তথ্য মতে গৰুখুঁটি ৰক্তাক্ত কৰাৰ আঁৰত থকা এই ছয় মূল চক্ৰান্তকাৰী হ'ল- আমছুৰ দুই নেতা আইনুদ্দিন আৰু আব্দুৰ ৰহমান বিশ্বাস, পি এফ আইৰ ছৰিফুল ইছলাম, ইত্তেহাদ ফ্ৰন্টৰ দুই নেতা নূৰ ইছলাম আৰু জিয়াৰুল হক আৰু খাৰুপেটীয়া কলেজৰ প্ৰবক্তা নাজিৰ হুছেইন সৰকাৰ ।

এই ছয়জনেই গৰুখুটিত হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰাত মূল ভূমিকা পালন কৰিছিল । এই চক্ৰটোৱে গৰুখুঁটিৰ বেদখলকাৰী প্ৰতিটো পৰিয়ালৰ পৰা উচ্ছেদ ৰখাই দিয়াৰ প্ৰতিশ্ৰুতি দি ২৮ ৰ পৰা ৩০ হাজাৰ টকাকৈ সংগ্ৰহ কৰিছিল । কিন্ত শেষলৈ যেতিয়া উচ্ছেদ অৱধাৰিত হৈ পৰিল তেতিয়া এই বেদখলকাৰী সকলক আৰক্ষীক আক্ৰমণৰ বাবে উচতনি দিছিল এই চক্ৰটোৱে । মনকৰিবলগীয়া যে, বৰপেটাত এন আৰ চিৰ পাইলট প্ৰজেক্ট বন্ধ কৰাৰ নামতো পি এফ আই, আমছুৰ দলে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছিল ।

লগতে পঢ়ক : উচ্ছেদৰ নামত মমতাহীন প্ৰশাসন; লুণ্ঠিত হ'ল মানৱ অধিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.