উচ্ছেদৰ নামত মমতাহীন প্ৰশাসন; লুণ্ঠিত হ'ল মানৱ অধিকাৰ

author img

By

Published : Sep 24, 2021, 5:23 PM IST

Updated : Sep 24, 2021, 8:46 PM IST

garukhuti eviction

বেদখলকাৰীক উচ্ছেদ কৰাৰ নামত ৰাজ্যৰ গৃহ বিভাগে ছিপাঝাৰৰ গৰুখুটিত মানৱাধিকাৰ ভংগ কৰা কাৰ্যই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এজন প্ৰতিবাদী বেদখলকাৰীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে তেওঁৰ ওপৰত চলোৱা গুলীচালনা আৰু মৃতদেহকো চৰকাৰী ফটোগ্ৰাফাৰে কৰা চূড়ান্ত অপমানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।‌

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ : ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাৰিমহীয়া কাৰ্যকালত সংঘটিত মিজোৰাম সীমান্তৰ সংঘৰ্ষ, ধাৰাবাহিক এনকাউন্টাৰক লৈ সৃষ্টি হোৱা ৰহস্য, নিমাতীঘাটৰ দুৰ্ঘটনা আৰু বৃহস্পতিবাৰে সংঘটিত ছিপাঝাৰৰ গৰুখুটিৰ ঘটনাই সচেতন নাগৰিকৰ মনত কেতবোৰ নতুন শংকাৰ সৃষ্টি কৰিছে । প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ পোন্ধৰটা বছৰ, সৰ্বানন্দ সোণোৱালৰ পাঁচবছৰীয়া কাৰ্যকালত সংঘটিত বহু অঘটনৰ স্মৃতি অসমবাসীয়ে পাহৰিব পৰা‌ নাই ।

হিমন্ত বিশ্ব শৰ্মাক অধিক দক্ষ ৰাজনীতিক বুলি বিজেপিয়ে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ পিছত ৰাজ্যবাসীয়ে অন্ততঃ ভাবিবলৈ ধৰিছিল যে এইবাৰ অন্ততঃ কিছু ভাল প্ৰশাসন পোৱা যাব । কিন্তু যোৱা চাৰি মাহতে যেন ৰাজ্যবাসীৰ মোহভংগ ঘটিল । ছিপাঝাৰৰ গৰুখুটিৰ ঘটনাই এই নেতিবাচক পৰিস্থিতিক অধিক মাত্ৰা প্ৰদান কৰিছে ।

অতি পৰিকল্পিতভাৱে চলা গৰুখুটিৰ উচ্ছেদ অভিযানৰ লগত জড়িত হৈ আছে সাহায্য আৰু পুনৰ সংস্থাপনৰ বিষয়টো । ইয়াৰ লগত সংযোজিত হৈ আছে পৰিৱৰ্তিত পৰিস্থিতিত নাগৰিক জীৱনে সন্মুখীন হ'বলগীয়া জীৱন আৰু জীৱিকাৰ প্ৰশ্ন ।

মনকৰিবলগীয়া যে ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰুখুটিত ধৰ্মীয় অনুষ্ঠান আৰু চৰকাৰী ভূমি দখল কৰি কেইবাটাও দশক ধৰি কৃষিকৰ্ম কৰি থকা ধৰ্মীয় সংখ্যালঘু লোক সকলক কিছু সংখ্যক লোকক আগদিনা জাননী দি পিছদিনাই বেদখল মুক্ত কৰাৰ বাবে অভিযান চলোৱা কাৰ্যই তীব্ৰ সংঘাতৰ পৰিবেশ সৃষ্টি কৰিছিল । স্থানীয় এক সূত্ৰৰ মতে জিলাৰ সাধাৰণ লোক আৰু আৰক্ষী প্ৰশাসনে এই কথা জানিছিল । কিন্তু গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ তাগিদাতে পিছদিনা পুৱাই চলোৱা হৈছিল উচ্ছেদ ।

ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৪৪১ অনুসৰি উচ্ছেদিত সকলৰ বাবে পূৰ্ব নিৰ্ধাৰিত আবাস আৰু অন্যান্য সা-সুবিধা বাধ্যতামূলক । কিন্তু গৰুখুটিত তেনে কোনো প্ৰণালীবদ্ধ ব্যৱস্থা হোৱাই নাছিল । আনকি উচ্ছেদ অভিযানৰ নেতৃত্ব দিয়া দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই প্ৰতিবাদকাৰী সকলক 'বাক্তিগতভাৱে' হে কিবা কৰাৰ আশ্বাস দি প্ৰতিবাদীৰ দহ জন প্ৰতিনিধিক তেওঁৰ কাৰ্যালয়লৈ মাতিছিল ।

আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ এটা ভাইৰেল ভিডিঅ' এতিয়া সকলোৰে হাতে হাতে । প্ৰশ্ন উঠিছে- যদি প্ৰশাসনে কিবা ব্যৱস্থা লৈছিলেই তেতিয়াহ'লে জিলাৰ আৰক্ষী অধীক্ষক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো ভাতৃ সুশান্ত বিশ্ব শৰ্মাই বাক্তিগতভাৱে প্ৰতিবাদকাৰীক সহায় কৰাৰ কথা আহিল‌ ক'ৰ পৰা !

কেৱল স্থানীয় প্ৰেক্ষাপটতে নহয়, গৰুখুটিৰ এই ঘটনাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ কাৰণ আছে । কেইদিনমানৰ আগতে উচ্চতম ন্যায়ালয়ে হাৰিয়ানা চৰকাৰে খৈৰি গাঁও নামৰ ঠাইত তাৰ এক লাখ লোকৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযানৰ বিপৰীতে স্থগিতাদেশ জাৰি কৰিছিল ।‌‌ ৰাষ্ট্ৰসংঘৰ হিউমেন ৰাইটছ কাউন্সিলে এই বিষয়ত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ে এইক্ষেত্ৰত সচেতনতা অৱলম্বন কৰে ।

মনকৰিবলগীয়া যে, ভাৰত যিহেতু এতিয়া ৰাষ্ট্ৰসংঘৰ হিউমেন ৰাইটছ কাউন্সিলৰ সদস্য ৰাষ্ট্ৰ, সেয়ে কাউন্সিলৰ সকলো ধৰণৰ প্ৰট'কল মানিবলৈ বাধ্য । কিন্তু গৰুখুটিত উচ্ছেদিত সকলৰ সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ বিষয়ত অসম চৰকাৰে লোৱা ভূমিকাত সেই নীতি নিৰ্দেশনাক সমুলঞ্চে ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

উল্লেখ্য যে, ছিপাঝাৰত সংঘটিত ঘটনাৰ পিছতো গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ কেতবোৰ মন্তব্যই স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই কৃষি প্ৰকল্পত সেই ঠাইত দশকৰ পিছত দশক ধৰি কৃষিকৰ্ম কৰা ধৰ্মীয় সংখ্যালঘু লোক সকলক কিয় জড়িত কৰোৱা নহ'ব সেই সন্দৰ্ভত প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা নিৰুত্তৰ ।

আনহাতে, উচ্ছেদিত সকলৰে ভোটলৈ চাৰি মাহৰ আগতে ছিপাঝাৰৰ বিধায়ক হোৱা পৰমানন্দ ৰাজবংশী এতিয়া ৰহস্যজনক মৌনতাত । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে বিধায়ক ৰাজবংশীৰ এই অৱস্থা অতি পুতৌজনক বুলিও চৰ্চিত হৈছে ।

লগতে পঢ়ক: মঙলদৈত কংগ্ৰেছৰ বিশাল প্ৰতিবাদত বাধা আৰক্ষীৰ

Last Updated :Sep 24, 2021, 8:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.