উচ্ছেদ হ’বই, কংগ্ৰেছে কাপোৰ ফালিলে মই ভয় কৰা বিধৰ নহয় : মুখ্যমন্ত্ৰী

By

Published : Sep 24, 2021, 10:28 PM IST

thumbnail

উচ্ছেদ বন্ধ নহয়, চলি থাকিব । এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ছিপাঝাৰৰ গৰুখুটিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, এটা দিনৰ বাবে স্তব্ধ থাকিল ধলপুৰৰ উচ্ছেদস্থলী ৷ এই উচ্ছেদ বন্ধ নহয় আৰু চলিব ৷ এয়া খন্তেক জিৰণী । তেওঁ লগতে কয়, দুশ বিঘা পৰ্য্যন্ত মাটি লৈ বহি থকা বেদখলকাৰীক কিয় আমি মাটি দিম ৷ অসমৰ কোন মানুহৰ ইমান মাটি আছে ৷ মোক দেখুৱাই দিয়ক ৷ আমছু, কংগ্ৰেছ, এ আই ইউ ডি এফৰ সতে আমি আলোচনাত বহিছো ৷ সকলোৱেই মান্তি হৈছিল ৷ কিন্তু কালিৰ ঘটনা অস্বাভাৱিক । ৬০ গৰাকী লোকৰ বসতিস্থলীত কেনেকৈ আহিল ১০ হাজাৰ লোক সেয়া প্ৰশ্নবোধক ৷ কংগ্ৰেছ, এআই ইউডিএফ দলৰ সঘন অহা যোৱা হৈছিল উচ্ছেদিত স্থানত ৷ এইসকল লোকক লগত লৈ সভা অনুষ্ঠিত কৰিছিল ৷ তাৰপৰা বুজা যায় এই ঘটনা পৰিকল্পিত ৷ কোনো উপাযুক্ত, আৰক্ষী অধীক্ষকৰ অধীনত এই ঘটনা নহয় ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰম্ভ হৈছে উচ্ছেদপৰ্ব ৷ কোনো লোক ইয়াৰ বাবে দোষী নহয় । কোনো কাৰণত আৰক্ষী বিষয়াক নিলম্বন কৰা নহয় । মোৰ নিৰ্দেশত তেওঁলোকে কাম কৰিছে । কংগ্ৰেছে ক’লে আৰু নকৰো ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.