ETV Bharat / state

এ আই ইউ ডি এফৰ সমৰ্থনতহে সাংসদ হৈছিল গৌৰৱ গগৈ-প্ৰদ্যুৎ বৰদলৈ : আমিনুল ইছলাম

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 3:16 PM IST

AIUDF MLA Aminul Islam Slams Congress
প্ৰতিশোধ ল'বলৈ সাজু এ আই ইউ ডি এফ

বিগত নিৰ্বাচনত বিশ্বাসঘাতকতা কৰা কংগ্রেছৰ ওপৰত প্ৰতিশোধ ল'বলৈ সাজু এ আই ইউ ডি এফ। হুংকাৰ বিধায়ক আমিনুল ইছলামৰ। এ আই ইউ ডি এফৰ সমৰ্থনতেই সাংসদ নিৰ্বাচিত হৈছিল গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ . এই দাবী বিধায়ক অমিনুলৰ ।

বিধায়ক আমিনুল ইছলামৰ হুংকাৰ

নগাঁও, 25 নৱেম্বৰ : "বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিছিল ৷ এইবাৰ লোৱা হ'ব তাৰ প্ৰতিশোধ ৷" নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত এইদৰে হুংকাৰ প্ৰদান কৰিলে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ৷

বিধায়ক আমিনুল ইছলামে উল্লেখ কৰা মতে বিগত লোকসভা নিৰ্বাচনত কলিয়াবৰ আৰু নগাঁও লোকসভা সমষ্টিত এ আই ইউ ডি এফে প্ৰাৰ্থিত্ব নিদিয়াৰ বিপৰীতে কংগ্ৰেছক সমৰ্থন কৰিছিল এটা চৰ্তত ৷ বিগত লোকসভা নিৰ্বাচনত কৰিমগঞ্জ লোকসভাত কংগ্ৰেছে প্ৰাৰ্থিত্ব নিদিয়াৰ প্ৰতিশ্ৰুতি দিয়াত এ আই ইউ ডি এফে প্ৰাৰ্থিত্ব দিয়া নাছিল কলিয়াবৰ আৰু নগাঁও লোকসভা সমষ্টিত ৷ কিন্তু শেষত কংগ্ৰেছে কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰি এ আই ইউ ডি এফৰ প্ৰাৰ্থীক পৰাজিত কৰা বুলি দাবী কৰি এইবাৰ লোকসভা নিৰ্বাচনত বিগত নিৰ্বাচনৰ প্ৰত্যুত্তৰ দিবলৈ এ আই ইউ ডি এফ সাজু বুলি সংবাদ মাধ্যমৰ সন্মুখত স্পষ্ট কৰিলে বিধায়ক আমিনুল ইছলামে ৷

আনকি বিগত লোকসভা নিৰ্বাচনত একমাত্ৰ এ আই ইউ ডি এফৰ সমৰ্থনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ আৰু নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰদ্যুৎ বৰদলৈ সাংসদ হিচাপে নিৰ্বাচিত হবলৈ সক্ষম হোৱা বুলিও দাবী কৰিলে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ৷ এইবাৰ নগাঁও, ধুবুৰী আৰু কৰিমগঞ্জত এ আই ইউ ডি এফে প্ৰাৰ্থিত্ব দিয়াটো নিশ্চিত বুলিও উল্লেখ কৰিলে বিধায়ক আমিনুল ইছলামে ৷ লগতে নগাঁও লোকসভা সমষ্টিত বিৰোধী কংগ্ৰেছ মূল প্ৰতিদ্বন্দিতালৈ নাহে বুলিও মন্তব্য কৰিলে আমিনুল ইছলামে ৷

নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছ তৃতীয় স্থানত থাকিব বুলি বিধায়ক আমিনুল ইছলামৰ মন্তব্য ৷ এইবাৰ লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিৰ পৰা বিজেপিক অতি কমেও ডেৰ-দুই লাখ ভোটত পৰাজিত কৰি এ আই ইউ ডি এফৰ প্ৰাৰ্থী জয়লাভ কৰিব বুলি দাবী কৰিলে বিধায়ক আমিনুল ইছলামে ৷ অৱশ্যে নগাঁও লোকসভা সমষ্টিৰ পৰা এ আই ইউ ডি এফ দলে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰে সেয়া এতিয়াও নিশ্চিত হোৱা নাই বুলিও উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক : সমষ্টি ৰক্ষাৰ উদ্দেশ্যৰে দুই প্ৰতাপী বিজেপি সাংসদৰ সৈতে ন অঞ্চললৈ বিধায়ক মানৱ ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.