ETV Bharat / state

সমষ্টি ৰক্ষাৰ উদ্দেশ্যৰে দুই প্ৰতাপী বিজেপি সাংসদৰ সৈতে ন অঞ্চললৈ বিধায়ক মানৱ ডেকা

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 1:55 PM IST

BJP MLA manab deka rally in lakhimpur
ন অঞ্চললৈ বিধায়ক মানৱ ডেকা

লখিমপুৰত শনিবাৰে উপস্থিত হয় বিধায়ক মানৱ ডেকাৰ লগতে দুই সাংসদ প্ৰদান বৰুৱা আৰু পৱিত্র মাৰ্ঘেৰিটা ৷ সমষ্টি ৰক্ষাৰ উদ্দেশ্যৰে ন অঞ্চললৈ এই যাত্রা কৰে বিধায়ক মানৱ ডেকাৰ লগতে আন দুজন বিজেপি বিধায়কে ৷

ন অঞ্চললৈ বিধায়ক মানৱ ডেকা

লখিমপুৰ, 25 নৱেম্বৰ: লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ৰাজ্যৰ আন ৰাজনৈতিক দলবোৰৰ সমান্তৰালভাৱে শাসকীয় দলটোৱেও পূৰ্ণোদ্যমে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত লখিমপুৰৰ ন অঞ্চললৈ ন সাজেৰে যাত্রা আৰম্ভ কৰিছে স্থানীয় বিধায়ক মানৱ ডেকাৰ লগতে দুজনকৈ প্ৰতাপী বিজেপি সাংসদে ।

শনিবাৰে পুৱা বেলা নগৰৰ সমীপৰ চৰাই মৰীয়াত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এটা বৃহৎ অঞ্চলৰ ৰাইজে গায়ন বায়ন, উৰুলি, পুস্পবৃষ্টিৰে বিধায়ক মানৱ ডেকাক আদৰণি জনাই ন অঞ্চলটোলৈ আদৰে। উল্লেখ্য যে, লখিমপুৰ বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ঢকুৱাখনা সমষ্টিৰ বগীনদী এলেকাটোলৈ মাঙ্গলিক প্ৰথাৰে শনিবাৰে প্ৰৱেশ কৰিলে বিধায়ক মানৱ ডেকাই । এই যাত্ৰাত মানৱ ডেকাক সংগ দিয়ে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু প্ৰদান বৰুৱাই ।

চৰাইমৰীয়াৰ পৰা বগীনদী মণ্ডল বিজেপিৰ কৰ্মীসকলৰ লগতে ৰাইজে গায়ন বায়ন আৰু বিভিন্ন জনগোষ্ঠীয় বিহুৰে আদৰি নিয়ে বিধায়ক মানৱ ডেকাক। নিজৰ সমষ্টিত ন কৈ অন্তর্ভুক্ত হোৱা অঞ্চললৈ বিধায়ক মানৱ ডেকাই এনেদৰে দুই সাংসদক লগত লৈ যাত্রা কৰাটোৱে বিৰোধী দলৰ প্ৰতি এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে । বিধায়ক মানৱ ডেকা, সাংসদ প্ৰদান বৰুৱাই ন কৈ লখিমপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা অঞ্চলটোৰ বিকাশৰ হকে তেওঁলোকে কাম কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

ইয়াৰ পিছতেই বগীনদীত অনুষ্ঠিত এখন দলীয় সভাত ভাগ লয় বিধায়ক মানৱ ডেকা, প্ৰদান বৰুৱা আৰু পৱিত্ৰ মাৰ্ঘেৰিটাই । লোকসভা নিৰ্বাচনৰ পূৰ্বে সমষ্টি ৰক্ষাৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে বিজেপি দলটো ।

লগতে পঢ়ক: বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকণৰ দাবী, লখিমপুৰত শিক্ষকৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.