ETV Bharat / state

AGP BJP conflict : যুৱ মৰ্চাৰ এজাহাৰত যুৱ পৰিষদৰ নেতাক আটক কৰাক লৈ নগাঁৱত উত্তপ্ত পৰিস্থিতি

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 2:27 PM IST

AGP BJP conflict
নগাঁৱত অগপ-বিজেপিৰ সংঘাত

ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ নগাঁৱত অগপ-বিজেপিৰ সংঘাত । ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিজেপিৰ ছাত্ৰ সংগঠনৰ নেতাক পৰাজিত কৰি বিজয়ী যুৱ পৰিষদৰ প্ৰাৰ্থী । নিশা যুৱ পৰিষদৰ নেতাৰ বিৰুদ্ধে এজাহাৰ যুৱ মৰ্চাৰ । যুৱ মৰ্চাৰ নেতাৰ এজাহাৰত আটক যুৱ পৰিষদৰ নেতাক ।

নগাঁৱত অগপ-বিজেপিৰ সংঘাত

নগাঁও, 28 অক্টোবৰ : নগাঁৱত অব্যাহত আছে অগপ-বিজেপিৰ সংঘাত ৷ এইবাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁও আৰু কলিয়াবৰ মিত্ৰজোঁট বিজেপি অগপৰ মাজত আৰম্ভ হৈছে সংঘাত । সকলোৰে জ্ঞাত যে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত জয়ী হ’ল অগপৰ যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ নেতা কাশ্যপ ফুকনসহ একাংশ নেতা ৷

কিন্তু এই নিৰ্বাচনত অগপৰ নেতা জয়ী হোৱাৰ পাচতে লাগিছে কেনা ৷ ফলত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অগপৰ যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ নেতা কাশ্যপ ফুকনসহ একাংশ নেতাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে বিজেপিৰ যুৱ মৰ্চাৰ কলিয়াবৰৰ নেতা নোমান ইছলামে ।

যুৱ মৰ্চাৰ এজাহাৰৰ ভিত্তিতেই নিশাই যুৱ পৰিষদৰ নেতা কাশ্যপ ফুকনসহ কেইবাজনো নেতাক আটক কৰে নগাঁও সদৰ আৰক্ষীয়ে । যুৱ পৰিষদৰ নেতা কাশ্যপ ফুকনক ভুৱা গোচৰত আটক কৰাৰ অভিযোগ উত্থাপন কৰি পুৱাই নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । পৰৱৰ্তী সময়ত আৰক্ষীয়ে মোকলাই দিয়ে কাশ্যপ ফুকনসহ যুৱ পৰিষদৰ নেতাক ।

যুৱ পৰিষদৰ সদস্যই থানাৰ পৰা মুকলি কৰি দিয়া নেতাক আদৰণি জনায় থানাৰ সন্মুখতেই । কলিয়াবৰৰ এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে বিজেপিৰেই মিত্ৰ দল অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ নেতা কাশ্যপ ফুকনে । কলিয়াবৰৰ যুৱ মৰ্চাৰ নেতা নোমাল ইছলামৰ বিৰুদ্ধে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীত জড়িত থকাৰো অভিযোগ উত্থাপন কৰিছে যুৱ পৰিষদৰ নেতা কাশ্যপ ফুকনে ।

লগতে পঢ়ক : Mann Ki Baat : হোজাইবাসীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠান শুনিব মুখ্যমন্ত্ৰী শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.