ETV Bharat / state

বিষ্ণু খাৰঘৰীয়ালৈ 2020 বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

author img

By

Published : Jan 17, 2021, 5:39 PM IST

as_ngn_actor-bishnu-kharghariya-is-nominated-for-anundoram-dhekiyal-phukan-award-2020_vis_7203829
বিষ্ণু খাৰঘৰীয়ালৈ 2020 বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ ২০২০ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ৷ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব ৷

নগাঁও,17 জানুৱাৰী: অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ ২০২০ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ৷ যোৱা শতিকাৰ সত্তৰৰ দশকতে শিশু শিল্পী হিচাপে অভিনয়ৰ ক্ষেত্ৰখনত পদাৰ্পণ কৰা বিষ্ণু খাৰঘৰীয়াই এই পৰ্যন্ত ত্ৰিশ খনতকৈ অধিক ছবিত অভিনয় কৰিছে ৷ তেখেতে 1995 আৰু 2013 চনত দুবাৰকৈ ৰাষ্ট্ৰীয় চলিচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷

বিষ্ণু খাৰঘৰীয়ালৈ 2020 বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

দেওবাৰে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে সংবাদমেলযোগে অভিনেতা গৰাকীক এই বঁটাৰ বাবে মনোনীত কৰে ৷ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব ৷ উল্লেখ্য যে, 2017 বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে মহাবিদ্যালয়খনে এই ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বৰেণ্য ব্যক্তিসকলক এই বঁটা প্ৰদান কৰি আহিছে ৷ 2017 বৰ্ষত এই বঁটাৰ বাবে মনোনীত কৰা হৈছিল বিশিষ্ট কৃষি বিজ্ঞানী ড৹ বিদ্যুত শৰ্মাক ৷ আনহাতে 2018 আৰু 2019 বৰ্ষত এই বঁটা ক্ৰমে ভাষাবিদ মাহেন্দ্ৰ পাদুং আৰু মানৱ অধিকাৰ কৰ্মী বীৰুবালা ৰাভাক প্ৰদান কৰা হৈছিল ৷ ২০২০ বৰ্ষৰ এই বঁটা বিষ্ণু খাৰঘৰীয়াক প্ৰদান কৰিবলৈ পাই মহাবিদ্যালয়খনৰ পৰিয়ালে গৌৰৱ অনুভৱ কৰা বুলি সংবাদমেলযোগে মন্তব্য কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ সুৰজিৎ কুমাৰ ভাগৱতীয়ে ৷

লগতে পঢ়ক-অৱশেষত নিলম্বন বিতৰ্কিত চিকিৎসক ডাঃ অজন্তা হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.