ETV Bharat / state

প্লাষ্টিক মুক্ত নগাঁও গঢ়াৰ সংকল্পৰে আছুৰ মানৱ শৃংখল

author img

By

Published : Sep 7, 2021, 6:29 PM IST

পৰিৱেশৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰি নগাঁৱক পৰিস্কাৰ ঠাই হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছে সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে । প্লাষ্টিকৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশাসনে জাৰি কৰা নিষিদ্ধ কৰাৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰশাসনক তৎপৰ হ'বলৈ আহ্বান জনাইছে সংগঠনটোৱে । লগতে ৰাইজকো এই ক্ষেত্ৰত সজাগ হ'বলৈ আহ্বান জনাই মঙলবাৰে নগাঁৱত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে আছুৰ নগাঁও জিলা সমিতিৰ কৰ্মকৰ্তাসকলে ।

AASU HUMAN CHAIN AT NAGAON
প্লাষ্টিক মুক্ত নগাঁও গঢ়াৰ সংকল্পৰে আছুৰ মানৱ শৃংখল

নগাঁও, ৭ ছেপ্টেম্বৰ: সেউজীয়া ধৰণীক সেউজীয়া কৰি ৰখাৰ প্ৰয়াস সদৌ অসম ছাত্ৰ সন্থাৰ । এইবাৰ পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহিল সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি । নগাঁও চহৰৰ অপৰিস্কাৰ পৰিৱেশে অতিষ্ঠ কৰিছে সাধাৰণ ৰাইজৰ লগতে সংগঠনটোকো । সেয়ে, মঙলবাৰে প্লাষ্টিক মুক্ত নগাঁও গঢ়াৰ সংকল্পৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে আছুৰ নগাঁও জিলা সমিতিৰ কৰ্মকৰ্তাসকলে ।

উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্লাষ্টিক বৰ্জনৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰো প্ৰয়াস কৰে সংগঠনটোৱে । উল্লেখ্য যে, চৰকাৰ, প্ৰশাসনে প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে যদিও নগাঁৱত এই নিৰ্দেশনা ভেকো ভাওনাত পৰিণত হৈছে । চৰকাৰ তথা প্ৰশাসনৰ এই নিৰ্দেশনা কাৰ্যকৰী নোহোৱাৰ বাবেই নগাঁও জিলাত প্লাষ্টিক ব্যৱহাৰ বন্ধ হোৱা নাই । সেয়ে, এই নিৰ্দেশনা কাৰ্যকৰী কৰাৰ দাবী জনাইছে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ।

প্লাষ্টিক মুক্ত নগাঁও গঢ়াৰ সংকল্পৰে আছুৰ মানৱ শৃংখল

তেওঁলোকৰ মতে, প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণ বন্ধ কৰিব নোৱাৰিলেও ব্যৱহাৰ কমকৈ কৰিব পৰা যায় । অন্যথা নগাঁও চহৰখন অচিৰেই এখন লেতেৰা চহৰলৈ পৰিণত হ'ব ।

এই ক্ষেত্ৰত চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সংগঠনটোৱে আহ্বান জনাইছে । লগতে ৰাইজকো সজাগ হ'বলৈ আহ্বান জনায় নগাঁও জিলা ছাত্ৰ সন্থাই । লগতে নগাঁও পৌৰ সভা বিগত এটা বছৰে গঠন নকৰাৰ ফলতেই পৌৰ সভা এলেকাৰ ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বুলি মন্তব্য কৰি সংগঠনটোৰ নেতৃবৰ্গই শীঘ্ৰে পৌৰ সভা গঠনৰ দাবী জনায় ।

লগতে পঢ়ক:ৰঙাপাৰাত PMAY আঁচনিৰ নামত ব্যাপক লুণ্ঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.