ETV Bharat / state

ৰঙাপাৰাত PMAY আঁচনিৰ নামত ব্যাপক লুণ্ঠন

author img

By

Published : Sep 7, 2021, 4:16 PM IST

PMAY Scheme
ৰঙাপাৰাত PMAY আঁচনিৰ নামত ব্যাপক লুণ্ঠন

অসম চৰকাৰে শূণ্যসহনশীল নীতিৰ কথা ক'লেও ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰী আঁচনিৰ নামত ব্যাপক অনিময় সংঘটিত হৈ আছে । এইবাৰ শোণিতপুৰ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ৰঙাপৰা,৭ ছেপ্তেম্বৰ : দুৰ্নীতিৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে শোণিতপুৰ জিলাৰ ৰঙাপৰাত প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । কেন্দ্ৰীয় চৰকাৰে আৱন্টন দিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (Pradhan Mantri Awas Yojana) গৃহ লাভৰ পৰা প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । সমান্তৰালভাৱে গৃহ নিৰ্মাণত চৰকাৰী নীতি নিয়মক জলাঞ্জলি দি ঠিকাদাৰী ব্যৱস্থাৰে নিম্নমানৰ সামগ্ৰীৰে গৃহ নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৰঙাপৰা উন্নয়ন খণ্ডৰ অধীনৰ ফুলগুৰি গাওঁ পঞ্চায়তত ।

উক্ত গাঁও পঞ্চায়তৰ এলেকাৰ আমতল বঙালী গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ নামত আবণ্টিত হোৱা চৰকাৰী আৱাস গৃহ লাভ কৰাৰ পাছতো গৃহটো নিৰ্মাণৰ বাবে আজিকোপতি লাভ নকৰিলে চৰকাৰী আঁচনিৰ ধন । পঞ্চায়তটোৰ বিভাগীয় কৰ্মচাৰী, সচিব আৰু একাংশ প্ৰতিনিধিয়ে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ বাবে প্ৰকৃত হিতাধিকাৰী তথা অজিত পালৰ পত্নী বেলা পাল চৰকাৰী গৃহৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ।

ৰঙাপাৰাত PMAY আঁচনিৰ নামত ব্যাপক লুণ্ঠন

উল্লেখ্য যে বেলা পালৰ নামত আবন্টিত হোৱা চৰকাৰী গৃহটো গাঁওখনৰে সীমা সেনক আবন্টন দিয়াৰ অভিযোগ উঠিছে । ফুলগুৰি গাওঁ পঞ্চায়তৰ ২০১৯-২০ বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বেলা পালৰ নামৰে এএছ ১৫৬৫১৪১ নম্বৰত আই ডি পঞ্জীয়ন হোৱাৰ লগতে আৱস গৃহ আৱন্টন হৈছিল । কিন্তু অতি পৰিতাপৰ বিষয় যে বিগত প্ৰায় দুবছৰ ধৰি হিতাধিকাৰী বেলা পালে চৰকাৰী আৱাস গৃহৰ পৰা উপকৃত নহ'ল ।

ব্যাপক অনিয়ম সংঘটিত কৰা গাঁও পঞ্চায়তখনে নিজকে সুৰক্ষিত কৰাৰ স্বাৰ্থতে হিতাধিকাৰী বেলা পালৰ গৃহত কিছু ইটা পেলাই দায়িত্ব সামৰিলে পঞ্চায়তৰ সভাপতি কৈলাশ ওৰাঙে । এই সন্দৰ্ভত বেলা পালৰ পুত্ৰ দীপ পালে গাঁও পঞ্চায়তৰ কাম-কাজক দোষাৰোপ কৰি কয় যে পঞ্চায়তৰ অনিয়মৰ বাবে চৰকাৰী গৃহৰ পৰা পৰিয়াটোৱে বঞ্চিত হ'বলগীয়া হ'ল । গৃহৰ অভাৱত সম্প্ৰতি পৰিয়ালটোৱে অতি কষ্টৰে জীৱন যাপন কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :খেয়ালখুচি মতে কাৰ্যালয়লৈ আহে ৰঙিয়াৰ চৰকাৰী কৰ্মচাৰী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.