ETV Bharat / state

খেয়ালখুচি মতে কাৰ্যালয়লৈ আহে ৰঙিয়াৰ চৰকাৰী কৰ্মচাৰী !

author img

By

Published : Sep 7, 2021, 2:08 PM IST

employees are absent at rangia sub division welfare office
চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ

ৰঙিয়াৰ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত(Rangia Sub-Division Welfare Office) অনুপস্থিত কৰ্মচাৰী ৷ দিনৰ 11 বজালৈ কাৰ্যালয়লৈ কোনো কৰ্মচাৰীৰ আগমন নঘটাৰ ফলস্বৰূপে বাহিৰতে অপেক্ষা কৰিবলগীয়া হয় কামৰ তাগিদাত অহা ৰাইজে ৷

ৰঙিয়া, 7 ছেপ্তেম্বৰ : ৰঙিয়া মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত(Rangia Sub-Division Welfare Office) কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে মইমতালিৰ অভিযোগ ৷ অভিযোগ অনুসৰি, খেয়াল-খুচি মতেহে কাৰ্যালয়লৈ আহে একাংশ চৰকাৰী কৰ্মচাৰী ৷

সোমবাৰে কাৰ্যালয়টোত দিনৰ 11 বজালৈ উপস্থিত হোৱা দেখা নগ’ল এজনো কৰ্মচাৰীক ৷ সময়মতে কাৰ্যালয়লৈ কৰ্মচাৰী নহাৰ বাবে বাহিৰতে অপেক্ষা কৰিবলগীয়া হৈছে ৰাইজে ৷ নিজৰ কৰ্মৰ প্ৰতি এইসকল কৰ্মচাৰী কিমান আগ্ৰহী, সেয়া এই অভিযোগৰ দ্বাৰা বুজিব পাৰি ৷

চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ

চৰকাৰে যিমানেই কৰ্মচাৰীসকলক সঠিক কামৰ বাবে নিৰ্দেশ প্ৰদান নকৰক বা যিমানেই কঠোৰ পদক্ষেপ নলওক কিয়, তাৰ প্ৰতি যেন কোনো ভ্ৰূক্ষেপ নাই একাংশ চৰকাৰী কৰ্মচাৰীৰ । নিজৰ কৰ্মৰ কথা কোৱা কৰ্মচাৰী পৰিষদে এইসকল কৰ্মচাৰীৰ বিষয়ে কি ক’ব ? চৰকাৰ কঠোৰ হ’ব নে এইসকল কৰ্মচাৰীক নাকী লগোৱাৰ ক্ষেত্ৰত ?

লগতে পঢ়ক: বাছৰ সলনি বোকা-পানীৰে পৰিপূৰ্ণ ASTC ৰ বাছ আস্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.