বাছৰ সলনি বোকা-পানীৰে পৰিপূৰ্ণ ASTC ৰ বাছ আস্থান

author img

By

Published : Sep 7, 2021, 11:55 AM IST

Updated : Sep 7, 2021, 12:52 PM IST

Poor condition of Moran ASTC
বাছৰ সলনি মৰাণৰ ASTC ভৰি থাকে বোকা-পানীৰে ()

মৰাণৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ জৰাজীৰ্ণ ৰূপ ৷ বছৰটোৰ ১২ মাহেই বোকা-পানীৰে ভৰি থাকে বাছ আস্থানটো ৷ দূৰণিবটীয়া যাত্ৰীসকলৰ বাবে নাই জিৰণিৰ ব্যৱস্থা ৷ অতিষ্ঠ হৈ পৰিছে বাছযাত্ৰীসকল ৷

মৰাণ, 7 ছেপ্তেম্বৰ : ৰাজ্যৰ চৌদিশে কেৱল উন্নয়নৰ জয়গান ৷ ৰাজ্যৰ প্ৰতিটো ক্ষেত্ৰত উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই থকাৰ সময়চোৱাতে পোহৰলৈ আহিছে উন্নয়নৰ এক ফোঁপোলা ছবি ৷ চৰকাৰে দাবী কৰা উন্নয়ন কেৱল মিথ্যাচাৰহে- এই অভিযোগ তৰিছে মৰাণবাসী ৰাইজে ৷

কিয়নো দীৰ্ঘদিনে মৰাণত পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান ৷ চৌহদটো বছৰটোৰ 12 টা মাহেই বাছৰ বিপৰীতে ভৰি থাকে কেৱল বোকা-পানীৰে ৷ বোকা-পানীৰ বাবে অতিষ্ঠ হৈ পৰিছে বাছ আস্থানটোলৈ অহা যাত্ৰীসকল ৷

Poor condition of Moran ASTC
বাছৰ সলনি মৰাণৰ ASTC ভৰি থাকে বোকা-পানীৰে

লগতে পঢ়ক: পৰিত্যক্ত অৱস্থাত আছে বজালীৰ গলিয়া মিনি ষ্টেডিয়াম

তদুপৰি গৰমৰ দিনত যাত্ৰীসকলে জিৰণি ল'বলৈ নাই কোনো সু-ব্যৱস্থা । এজাক বৰষুণ দিলেই পানীৰে পৰিপূৰ্ণ হৈ পৰে বাছ আস্থানটোৰ জিৰণি গৃহ ৷ একেদৰে যাত্ৰীসকলৰ বাবে থকা প্ৰস্ৰাৱগাৰটোৰো অৱস্থা তথৈবচ । যিটো সময়ত ৰাজ্যৰ পৰিবহন মন্ত্ৰীয়ে ৰাজপথত মাৰ্চিডিজ যাত্ৰীবাহী গাড়ী চলোৱাৰ কথা কয়, তেনে সময়ত ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানসমূহৰ জৰাজীৰ্ণ অৱস্থাই প্ৰতিফলিত কৰিছে বিভাগটোৰ সক্ৰিয়তা ৷

অতি পুৰণি ASTC ৰ বাছ আস্থানটো পুনৰ নিৰ্মাণৰ দাবী

লগতে পঢ়ক: ৰহস্যজনকভাৱে বন্ধ হৈ পৰিল এটা ৰে'ল ষ্টেচন

বাছ আস্থানৰ এই অৱস্থা দেখি যাত্ৰীসকলে আস্থানলৈ আহিবলৈ দহবাৰ ভাবিবলৈ বাধ্য হয় ৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে পৰিবহন বিভাগৰ উন্নতিৰ জয়ঢোল সময়ে সময়ে বজাই থকা ৰাজ্যবাসীয়ে দেখি আহিছে ৷ পৰিবহণ মন্ত্ৰীয়ে বিয়াগোম বিভাগটোৰ আধুনিকীকৰণ কৰাৰ কথা কৈ থকাৰ সময়তে বিভাগটোৰ উন্নয়নৰ প্ৰকৃত ছবিখন পৰিস্ফুট হৈছে ৷

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানটোৰ জৰাজীৰ্ণৰূপে যাত্ৰীসকলক বাৰুকৈয়ে জ্বলা-কলা খুৱাই আহিছে । অঞ্চলটোৰ অতি পুৰণি ASTC ৰ বাছ আস্থানটো পুনৰ নিৰ্মাণৰ দাবী জনাইছে স্থানীয় বিভিন্ন দল-সংগঠনে ৷

লগতে পঢ়ক: বৃহৎ নদীবান্ধ বন্ধৰ দাবীত নলবাৰীত AJYCP ৰ প্ৰতিবাদ

Last Updated :Sep 7, 2021, 12:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.