বৃহৎ নদীবান্ধ বন্ধৰ দাবীত নলবাৰীত AJYCP ৰ প্ৰতিবাদ

author img

By

Published : Sep 7, 2021, 8:23 AM IST

AJYCP's protest against big river dam at nalbari

বৃহৎ নদীবান্ধৰ বিৰোধিতাত সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে পৰিষদৰ বিভিন্ন জিলা সমিতিয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

নলবাৰী, 7 ছেপ্তেম্বৰ : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী শাখাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উত্তৰ অসমৰ ৰাইজৰ জনজীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীত সংগঠনটোৱে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

বৃহৎ নদীবান্ধ বন্ধৰ দাবীত নলবাৰীত AJYCPৰ প্ৰতিবাদ

পৰিষদৰ প্ৰায় শতাধিক নেতা-কৰ্মীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰ গঠনৰ পূৰ্বে বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নদীবান্ধ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ কথা উল্লেখ কৰে ৷ কিন্তু চৰকাৰ গঠনৰ পিছতেই পুনৰ নদীবান্ধৰ কাম আৰম্ভ কৰা বুলি উনুকিয়াই চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

সংগঠনটোৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে । সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে, বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে প্ৰথমৰে পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আন্দোলন কৰি আহিছে ।

লগতে পঢ়ক : তীব্ৰতৰ হৈছে বৃহৎ নদী বান্ধ বিৰোধী আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.