ETV Bharat / state

Rhino body recovered: হাদুক বিলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 12:47 PM IST

RHINO DEAD BODY RECOVERED At Pobitora Wildlife Sanctuary
হাদুক বিলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰাৰ হাদুক বিলত উদ্ধাৰ গঁড়ৰ মৃতদেহ । স্থানীয় ৰাইজ আৰু বনকৰ্মীৰ সহযোগত খৰ্গ সহ উদ্ধাৰ কৰিবলৈ সক্ষম 24/25 বছৰীয়া মাইকী গঁড়ৰ মৃতদেহ ।

মৰিগাঁও, 6 ছেপ্টেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে পবিতৰা অভয়াৰণ্যৰো আশী শতাংশ অঞ্চল বৰ্তমান ভদীয়া বানৰ কৱলত । ফলত ভীষণ খাদ্য সংকটত পৰিছে পবিতৰাৰ অভয়াৰণ্যত থকা এশিঙীয়া গঁড়ৰ লগতে বন্য জীৱকুল । ইয়াৰ পৰিপ্ৰেক্ষিততে মঙলবাৰে এজনী মাইকী গঁড়ৰ মৃত্যু হোৱা হোৱা বুলি সন্দেহ কৰিছে অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি দাসে ।

বন বিষয়াগৰাকীয়ে সদৰী কৰা মতে, মঙলবাৰে পবিতৰাৰ হাদুক বিলত স্থানীয় একাংশ লোকে ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে এটা গঁড়ৰ মৃতদেহ ৷ ইয়াৰ পিচতে প্ৰত্যক্ষদৰ্শীয়ে খবৰ দিয়ে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষক । খবৰ লাভ কৰাৰ পিচতে স্থানীয় ৰাইজ আৰু বনকৰ্মীৰ সহযোগত গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ।

উল্লেখ্য যে, মৃত গঁড়জনী প্ৰায় 24/25 বছৰীয়া আৰু মাইকী গঁড় বুলি নিশ্চিত কৰিছে অভয়াৰণ্য কৰ্তৃপক্ষই । মৃত গঁড়জনীৰ খৰ্গটো বিভাগীয় নীতি নিয়মৰ মাজৰে সংৰক্ষণৰ ব্যৱস্থা কৰি গঁড়জনীৰ মৃতদেহ সমাধিস্থ কৰা হয় বুলি জানিব পৰা গৈছে । লগতে পবিতৰা অভয়াৰণ্যৰ বন বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক সদৰী কৰা মতে পবিতৰা অভয়াৰণ্যত সম্প্ৰতি বান পৰিস্থিতি উন্নত হৈছে যদিও গঁড় আৰু ম'হৰ আবাসস্থলীত পলস পৰাৰ ফলত জীৱকুল ভীষণ খাদ্যৰ সমস্যাত পৰিছে ।

হয়তো খাদ্যৰ সন্ধানত অভয়াৰণ্যখনৰ বাহিৰলৈ গঁড়জনীয়ে যোৱাৰ চেষ্টা চলাই হাদুকৰ থিয় গৰাত উঠিব নোৱাৰি মৃত্যুক সাৱটি লয় বুলি সন্দেহ প্ৰকাশ কৰিছে অভয়াৰণ্য কৰ্তৃপক্ষই । অৱশ্যে এজাক বৰষুণ অহাৰ পিছতে এই সমস্যা কিছু পৰিমাণে হ্ৰাস হ'ব বুলি জানিব দিয়ে পবিতৰাৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি দাসে ।

লগতে পঢ়ক: Dhubri ASTC : ASTC ৰ মাটি বণিক গোষ্ঠীক গটোৱাৰ বিৰুদ্ধে ধুবুৰীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.