ETV Bharat / state

গৰাখহনীয়া ৰোধ কৰিবৰ বাবে লাহৰীঘাটত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ বেৰ

author img

By

Published : Dec 6, 2020, 10:23 PM IST

morigaon-district-public-work
গৰাখহনীয়া ৰোধ কৰিবৰ বাবে লাহৰীঘাটত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ বেৰ

বিভাগলৈ বাট নাচাই মৰিগাঁৱত ৰাইজে মথাউৰি নিৰ্মাণৰ বাবে আগবাঢ়ি আহিছে ৷ ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াত অতিষ্ঠ হৈ ভুক্তভোগী ৰাইজে নিৰ্মাণ কৰাৰ পথত বাঁহৰ বেৰ ৷

মৰিগাঁও, 6 ডিচেম্বৰ : ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ ৰাইজে নিজাববীয়াকৈ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে বাঁহৰ বেৰ ৷ চৰকাৰী বিভাগলৈ বাট নাচাই ভুক্তভোগী ৰাইজে নিজাববীয়াকৈ বাঁহৰ বেৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে ৷

স্থানীয় ৰাইজৰ মন্তব্য

উল্লেখ্য যে, লাহৰীঘাট সমষ্টিৰ প্ৰায় 5 শতাধিক লোক এই বান আৰু গৰাখহনীয়াত মৃত্যুবৰণ কৰিছে । প্ৰতিবছৰে গৰাখনীয়াৰ কবলত পৰি হাজাৰ হাজাৰ লোকৰ মাজত এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় । ভয়াবহ বান আৰু গৰাখনীয়া সমস্যা সমাধান কৰিবলৈ চেষ্টা নকৰে ব্ৰহ্মপুত্ৰ নদী ক্ৰমাৎ দক্ষিণ দিশলৈ ধাৱমান হোৱাত লাহৰিঘাট সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া তুলসী বঢ়ি, টেঙা গুৰি ৰাজাগাধোৱা আৰু বালিডুঙা গাঁৱৰ ৰাইজৰ ঘৰ-বাৰী পুনৰ উচন হৈ এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : বৰপেটাত লটাৰীৰ টিকটসহ আটক দুই ব্যৱসায়ী

নিৰুপায় হৈ অঞ্চলবাসীয়ে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ৰাইজে নিজাববীয়াকৈ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ আগবাঢ়ি আহিছে । লাহৰীঘাট গৰাখহনীয়া প্ৰতিৰোধ কমিটী গঠন কৰি দেওবাৰে বাঁহৰ স্পাৰ শুভাৰম্ভ কৰে ৷

উল্লেখ্য যে, মৰিগাঁও জিলা জল সম্পদ বিভাগৰ বিয়াগোম বিষয়াসকলে খৰালিৰ সময়ত খহনীয়া ৰোধৰ বাবে আচঁনি গ্ৰহণ নকৰি বাৰিষাৰ বতৰত আচঁনি ৰূপায়ন কৰি চৰকাৰী ধন অপচয় কৰা বুলি মন্তব্য প্ৰদান কৰে ৷ চৰকাৰ তথা বিয়াগোম জল সম্পদ বিভাগৰ ওপৰত ভৰসা হেৰুৱাই নিজৰ ভেঁটি ৰক্ষাৰ বাবে ওলাই আহি হাতে-কামে লাগিল লাহৰীঘাট অঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজে । বাহঁৰ বান্ধৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ সময়ত উপস্থিত থাকে অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক : পক্ষীৰ কাকলিত মুখৰিত এছিয়াৰ প্ৰথমখন চিৰিয়াখানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.