ETV Bharat / state

Encounter in Morigaon : মৰিগাঁৱত গুলীচালনা, গুলীবিদ্ধ এজন অপৰাধী

author img

By

Published : Mar 1, 2022, 9:41 AM IST

Updated : Mar 1, 2022, 11:44 AM IST

Encounter in Morigaon
মৰিগাঁৱত গুলীচালনা, গুলীবিদ্ধ এজন অপৰাধী

মৰিগাঁৱত অসম আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হ’ল এজন অপৰাধী (Police encounter in Morigaon) ৷ গুলীবিদ্ধ অপৰাধীটোৰ নাম আব্দুল চামাদ ৷

মৰিগাঁও, 1 মাৰ্চ : ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ গুলীচালনা ৷ এইবাৰ আৰক্ষীৰ বন্দুক গৰজিল মৰিগাঁৱত ৷ মৰিগাঁও আৰক্ষীৰ গুলীত আহত এজন ড্ৰাগছ মাফীয়া (Police encounter in Morigaon) ৷ আহত লোকজনৰ নাম আব্দুল চামাদ ৷

Encounter in Morigaon
মৰিগাঁৱত গুলীচালনা, গুলীবিদ্ধ এজন অপৰাধী

জানিব পৰা মতে, ৩১ বছৰীয়া আব্দুলৰ ঘৰ মণিপুৰত ৷ সোমবাৰে নিশা দুচকীয়া বাহনেৰে গৈ থকাৰ সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাগীৰোড নখোলাত গ্ৰেপ্তাৰ কৰা হৈছিল আব্দুলক ৷ আব্দুলৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল ৫৭৩ গ্ৰাম ড্ৰাগছ ৷

জানিব পৰা মতে, জব্দকৃত ড্ৰাগছখিনি মূল্য প্ৰায় ৪ কোটি টকা ৷

Encounter in Morigaon
মৰিগাঁৱত গুলীচালনা, গুলীবিদ্ধ এজন অপৰাধী

ইফালে সোমবাৰে নিশা আন্ধাৰৰ সুযোগ লৈ অভিযুক্ত আব্দুলে আৰক্ষীৰ জালৰ পৰা পলায়নৰ চেষ্টাৰ কৰে ৷ পৰিস্থিতি বিষম দেখি উপায়ন্তৰ হৈ অভিযানকাৰী দলটোৱে গুলীয়াবলৈ বাধ্য হয় আব্দুলক । ফলত আৰক্ষীৰ গুলীত আহত হয় অভিযুক্ত আব্দুল ৷

মৰিগাঁৱত গুলীচালনা, গুলীবিদ্ধ এজন অপৰাধী

পৰৱৰ্তী সময়ত নিশাই মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আব্দুলক ।

লগতে পঢ়ক : Encounter in Tinsukia: তিনিচুকীয়াত আৰক্ষীৰ এনকাউণ্টাৰ, আহত ড্ৰাগছ মাফিয়া

Last Updated :Mar 1, 2022, 11:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.