ETV Bharat / city

Encounter in Tinsukia: তিনিচুকীয়াত আৰক্ষীৰ এনকাউণ্টাৰ, আহত ড্ৰাগছ মাফিয়া

author img

By

Published : Feb 18, 2022, 6:17 PM IST

police-encounter-in-tinsukia
তিনিচুকীয়াত আৰক্ষীৰ এনকাউণ্টাৰ

ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য়ত অব্যাহত আছে আৰক্ষীৰ অভিযান । ইয়াৰ মাজতে তিনিচুকীয়াত ড্ৰাগছ মাফিয়াৰ লগত আৰক্ষীৰ এনকাউণ্টাৰ (Police encounter in Tinsukia)। আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া ।

তিনিচুকীয়া, 18 ফেব্ৰুৱাৰী : অসম আৰক্ষীৰ এনকাউণ্টাৰ অব্যাহত আছে । এইবাৰ তিনিচুকীয়াত চলিল আৰক্ষীৰ এনকাউণ্টাৰ । আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ড্ৰাগছ মাফিয়া (Drug mafia injured in police encounter) ।

তিনিচুকীয়া আৰক্ষীয়ে শুকুৰবাৰে পুৱা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত তালাচী চলাই ড্ৰাগছ ব্যৱসায়ী এজনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে ৷ পৰৱৰ্তী সময়ত ড্ৰাগছ ব্যৱসায়ীজনক লগত লৈ অন্য ড্ৰাগছ ব্যৱসায়ীৰ সন্ধানত অনুসন্ধান চলোৱাৰ সময়তে সুযোগ বুজি আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰে ৷ তেনে সময়তে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ৷ আৰক্ষীৰ গুলিয়ে বিপ্লৱ চক্ৰৱৰ্তী নামৰ ড্ৰাগছ ব্যৱসায়ীজনৰ ভৰিত আঘাট কৰে । গুলীবিদ্ধ তিনিচুকীয়া হিজুগুৰিৰ বিপ্লৱ চক্ৰৱৰ্তীক আৰক্ষীয়ে ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

তিনিচুকীয়াত আৰক্ষীৰ এনকাউণ্টাৰ

ইয়াৰোপৰি বিগত 11 ফেব্ৰুৱাৰীত তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই 10 গ্ৰাম ব্ৰাউন চুগাৰ, 5 কিলোগ্ৰাম গাঞ্জাসহ 2 লাখ 7 হাজাৰ 550 টকা জব্দ কৰাৰ লগতে 4 জন যুৱকক আটক কৰিছিল ৷ তাৰ পাছতে 16 ফেব্ৰুৱাৰীৰ নিশা তিনিচুকীয়া আৰক্ষীয়ে এক বিশেষ খবৰৰ ভিত্তিত জৰিগুৰিত অভিযান চলাই প্ৰায় 30 কেজি পৰিমাণৰ গাঞ্জা জব্দ কৰিছিল (Ganja seized by Tinsukia police) ৷ আনহাতে বৃহস্পতিবাৰে নিশা তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই 25 গ্ৰাম ব্ৰাউন চুগাৰ (Brown Sugar seized in Tinsukia) সহ এজনক আটক কৰে । ডিমাপুৰৰ পৰা কাকপথাৰলৈ বুলি লৈ অনা এই ব্ৰাউন চুগাৰখিনি তিনিচুকীয়াৰ হোটেল মাদ্ৰাজত জব্দ কৰিবলৈ সক্ষম হয় তিনিচুকীয়া আৰক্ষীয়ে ।

লগতে পঢ়ক : Encounter in Rangia: ৰঙিয়াত আৰক্ষীৰ গুলীত আহত ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.