Encounter in Rangia: ৰঙিয়াত আৰক্ষীৰ গুলীত আহত ডকাইত

By

Published : Feb 18, 2022, 5:21 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail

ৰঙিয়াত নিশা আৰক্ষীৰ এনকাউণ্টাৰ (Encounter in Rangia)৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত দুধুৰ্ষ ডকাইত চৰিফুল হক ওৰফে টিকলা (Dreaded dacoit injured in encounter with police) ৷ ডকাইতটোৰ পৰা উদ্ধাৰ এটা পিষ্টল ৷ টিকলাৰ বিৰুদ্ধে আছে ডকাইতি-অপহৰণৰ কেইবাটাও গোচৰ ৷ বৃহস্পতিবাৰে টিকলাক আন এজন সহযোগীৰ সৈতে আটক কৰিছিল আৰক্ষীয়ে ৷ তদন্তৰ বাবে নিশা আৰক্ষীয়ে খৈৰাবাৰীলৈ লৈ গৈছিল টিকলাক ৷ আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ লওতেই টিকলাক ভৰিত গুলীয়ালে আৰক্ষীয়ে ৷ সোঁভৰিত গুলী লগা টিকলাক জিএমচিত ভৰ্তি কৰা হৈছে ৷ টিকলাৰ ঘৰ ৰঙিয়াৰ পীটাম্বৰ হাট বজালীত ৷ যোৱা ১৪ ফেব্ৰুৱাৰীত টিকলাই বাইকেৰে গৈ এগৰাকী মহিলাৰ পৰা বেগ কাঢ়ি নিয়া দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত ৷ টিকলাই ব্যৱহাৰ কৰা AS-01ET-7114 নম্বৰৰ পালচাৰ বাইকখনো জব্দ কৰে আৰক্ষীয়ে ৷

Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.