ETV Bharat / state

Morigaon Medical College : মৰিগাঁও মেডিকেল কলেজৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Dec 8, 2022, 2:17 PM IST

Updated : Dec 8, 2022, 2:49 PM IST

Morigaon
Morigaon

মৰিগাঁৱৰ বঘৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন (CM laid foundation stone of medical college in Morigaon) । মৰিগাঁও মেডিকেল কলেজৰ আধাৰশিলা স্থাপনৰ লগতে জিলাখনৰ অন্য এঘাৰটাকৈ প্ৰকল্পৰো ভাৰ্চুৱেল আধাৰশিলা স্থাপন কৰে ।

মৰিগাঁও, ৮ ডিচেম্বৰ : বৃহস্পতিবাৰে মৰিগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে (CM laid foundation stone of medical college at Baghara in Morigaon) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি হেলিকপ্টাৰেৰে আহি মৰিগাঁৱৰ বঘৰাত মেডিকেল কলেজখনৰ আধাৰশিলা স্থাপন কৰে ।

মৰিগাঁও মেডিকেল কলেজৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

মৰিগাঁও মেডিকেল কলেজৰ আধাৰশিলা স্থাপনৰ লগতে জিলাখনৰ অন্য এঘাৰটাকৈ প্ৰকল্পৰো ভাৰ্চুৱেল আধাৰশিলা স্থাপন কৰে (Morigaon medical college and hospital) । তাৰ সমান্তৰালভাৱে ষ্টেডিয়াম, পকী দলং, পকী পথ, পলিটেকনিক কলেজ, কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ, সত্ৰসহ ১২টা প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে ।

উল্লেখ্য, ৯১০ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পসমূহ আগন্তুক তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে (development schemes in Morigaon district) । উক্ত আধাৰশিলা স্থাপন কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ (CM Himanta Biswa Sarma) সৈতে উপস্থিত থাকে জাগীৰোডৰ বিধায়ক তথা অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত, লাহৰীঘাটৰ বিধায়ক ডাঃ আছিফ নাজাৰ, ৰহাৰ বিধায়ক শশীকান্ত হাজৰিকা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই প্ৰমুখ্যে ভালেকেইজন মন্ত্ৰী, বিধায়ক আৰু উচ্চ পদস্থ বিষয়া । আধাৰশিলা স্থাপন অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে । আনহাতে, সভাত আদৰণি ভাষণ ৰাখে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

উল্লেখ্য, ৰাজ্য চৰকাৰে 'বিকাশৰ বাবে এটা পষেক' কাৰ্যসূচীৰ জৰিয়তে ৫ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপনৰ কাম চলাই আছে । ইতিমধ্যে বঙাইগাঁও, নলবাৰী, তামুলপুৰত এই কাৰ্যসূচীৰ অধীনত কেইবাটাও প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে ।

শেহতীয়াভাৱে বুধবাৰে তামুলপুৰত ৫৬৮ কোটি টকা ব্যয় সাপেক্ষ তামুলপুৰ মেডিকেল কলেজ হাস্পতালৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে । লগতে তামুলপুৰত আন কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক :Prachand LCH : মিছামাৰী বায়ুসেনাৰ ঘাটিলৈ প্ৰচণ্ড লাইট কম্বেট হেলিকপ্টাৰ

Last Updated :Dec 8, 2022, 2:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.