ETV Bharat / state

মৰিগাঁৱত উন্মোচন দুখন গ্ৰন্থ

author img

By

Published : Feb 14, 2021, 10:42 PM IST

মৰিগাঁৱত উন্মোচন দুখন গ্ৰন্থ ৷ গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে প্ৰখ্যাত ইতিহাসবিদ ড৹ ৰাজেন শইকীয়া আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড৹ বসন্ত কুমাৰ গোস্বামী উপস্থিত থাকে ।

book release at morigaon
মৰিগাঁৱত উন্মোচন দুখন গ্ৰন্থ

মৰিগাঁও, 14 ফেব্ৰুৱাৰী : মৰিগাঁৱত সৃষ্টি প্ৰকাশন উদ্যোগত পবিতৰাহাট প্ৰেক্ষাগৃহত দেওবাৰে কবিতা ৰাণী সিঙৰ সম্পাদনাত ড৹ বসন্ত কুমাৰ গোস্বামীৰ "সমাজ বীক্ষণ" আৰু আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাৰ "চিৰযুগমীয়া ঢৌ তুলি" শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰা হয় ৷ গ্ৰন্থ দুখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰবীণ সাংবাদিক হোমেন বৰগোঁহাঞিয়ে ।

গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে প্ৰখ্যাত ইতিহাসবিদ ড৹ ৰাজেন শইকীয়া আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড৹ বসন্ত কুমাৰ গোস্বামী উপস্থিত থাকে ।

অনুষ্ঠানত ড৹ বসন্ত কুমাৰ গোস্বামী আৰু পৰিয়ালৰ তৰফৰ পৰা সৃষ্টি প্ৰকাশনৰ স্বত্বাধিকাৰী অজিত কুমাৰ ৰায়ৰ আদৰণি জনাই ধন্যবাদ জ্ঞাপন কৰা হয় । অনুষ্ঠানত প্ৰায় দুই শতাধিক সাহিত্যানুৰাগী উপস্থিত থাকে ৷

লগতে পঢ়ক : ২৫ ফেব্ৰুৱাৰীত বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.