ETV Bharat / state

Morigaon police: মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত SI সহ দুই আৰক্ষী জোৱান

author img

By

Published : Aug 12, 2023, 8:24 AM IST

Morigaon police
মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত SI সহ দুই আৰক্ষী জোৱান

অসম আৰক্ষীৰ খাকী পোছাকত দাগ লগালে আৰক্ষী বিষয়াসহ দুই আৰক্ষী জোৱানে । লাহৰীঘাট থানাৰ SI আৰু দুই আৰক্ষী জোৱান মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত ৷ জামিনৰ নামত এজন ব্যক্তিৰ পৰা 20 হাজাৰ টকা লৈছিল তিনি আৰক্ষীয়ে ৷

মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত SI সহ দুই আৰক্ষী জোৱান

মৰিগাঁও,12 আগষ্ট: অসম আৰক্ষীৰ কথাকৈ থাকিলেও ওৰকে নপৰে ৷ বাৰে বাৰে আৰক্ষীৰ খাকী পোচাকত ক’লা দাগ সানিছে একাংশ আৰক্ষীয়ে ৷ দৰমহাৰ টকাৰে পৰিয়াল নচলা হৈছে নেকি একাশং আৰক্ষী বিষয়াৰ ! কিয়নো জনহিত জনসেৱাৰ্থে মন্ত্ৰক ভৰিৰে মহাৰিছে একাংশ আৰক্ষী বিষয়াৰ পৰা আৰম্ভ কৰি কনিষ্টবলে ৷ যিমানে আৰক্ষীক দুৰ্নীতিমুক্ত, ৰাইজৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান কৰিছে তেনে সময়তে ইজনৰ পিচত সিজন আৰক্ষী বিষয়াৰ পৰা আৰম্ভ কৰি কনিষ্টবলে উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ব লগা হৈছে ৷

এইবাৰ অসম আৰক্ষীৰ খাকী পোছাকত দাগ লগালে এজন আৰক্ষী বিষয়াসহ দুই আৰক্ষী জোৱানে । চৰকাৰী দৰমহাৰে পেট নভৰা আৰক্ষী বিষয়া আৰু কনিষ্টবল এইবাৰ মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ৷ অসম আৰক্ষীৰ নাক কাটিলে লাহৰীঘাট থানাৰ তিনি আৰক্ষীয়ে ৷ মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল লাহৰীঘাট থানাৰ SI মুকুন্দ্ৰ উপাধ্যায়, কনিষ্টবল মিজানুল হক, হীৰক জ্যোতি ডেকা ৷ জানিব পৰা মতে এজন লোকৰ জামিন প্ৰদানৰ নামত ২০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে আটক হয় তিনি আৰক্ষী ৷

অসমৰ স্মাৰ্ট আৰক্ষী উৎকোচ লোৱাত হে যেন স্মাৰ্ট হৈ পৰিছে ৷ কেতিয়া মানসিকতা পৰিৱৰ্তন হ’ব একাংশ আৰক্ষীৰ ! আৰক্ষীৰ কিছু কৰ্মৰ বাবে ৰাইজে প্ৰশংসা কৰে ৷ কিন্তু একাংশ আৰক্ষীৰ উৎকোচ লোৱাৰ মনসিকতা পৰিৱৰ্তন নোহোৱাৰ ফলত এতিও বদনামৰ পৰা মুক্ত হ’ব পৰা নাই আৰক্ষী ৷ কেতিয়াবা অবৈধভাৱে ধন সংগ্ৰহ, কেতিয়াবা ধন নিদিয়াৰ বাবে আৰক্ষীয়ে অত্যাচাৰ চলোৱা ইত্যাদি বাতৰিয়ে বিভিন্ন সময়ত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৷

লগতে পঢ়ক :Morigaon theft incident:আৰক্ষী চি আৰ পি এফ বাহিনীৰে গিজগিজাই থকাৰ সময়তে চোৰৰ চাফাই অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.