Morigaon theft incident:আৰক্ষী চি আৰ পি এফ বাহিনীৰে গিজগিজাই থকাৰ সময়তে চোৰৰ চাফাই অভিযান

By

Published : Aug 10, 2023, 9:31 PM IST

thumbnail

মৰিগাঁও, 10 আগষ্ট : মৰিগাঁৱত দিন-দুপৰতে চোৰে লুটিলে অলংকাৰ সহ প্ৰায় ৩০ ৰ পৰা ৪০ হাজাৰ টকা । ঘৰত কোনো ব্যক্তি নথকাৰ সুযোগত চোৰে লুটি লৈ গ’ল মূল্যৱান সামগ্ৰী । ঘটনাৰ বিৱৰণী অনুসৰি মৰিগাঁও জিলাৰ জালুগুটি আৰক্ষী পহৰাচকীৰ অন্তৰ্গত লোচনাবড়ীৰ দাদুল আহমেদ নামৰ লোকজনৰ ঘৰত চোৰে ঘৰৰ পিছফালৰ দৰ্জা ভাঙি চিলিণ্ডাৰকে আদি কৰি সকলো লৈ যায় ।

ভুক্তভোগী পৰিয়ালটোৱে সংবাদ মাধ্যমক সদৰী কৰা অনুসৰি পুৱাতে ঘৰখনৰ সকলো নিজ নিজ কৰ্মৰ বাবে ওলাই গৈ সন্ধ্যা সময়ত সকলোৱে একেলগে ঘৰত প্ৰৱেশ কৰাৰ পিচতে ঘৰৰ আচবাব লণ্ড-ভণ্ড হৈ থকা প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে । ইয়াৰ পিচতে মৰিগাঁও আৰক্ষীক খবৰ দিয়ে তেওঁলোকে । ঘটনা সন্দৰ্ভত ইতিমধ্যে মৰিগাঁও আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ৷

মৰিগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া । বৰ্তমানলৈকে চুৰি ঘটনাৰ সৈতে জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।

লগতে পঢ়ক : Cyber criminal detained: নেলীত আটক তিনি চাইবাৰ অপৰাধী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.