ETV Bharat / state

কাগজ কল নিলামৰ পিছত মাটি আমাক ঘূৰাই লাগিব: কোনে কলে ?

author img

By

Published : Jun 14, 2021, 5:10 PM IST

কাগজ কলৰ নিলামৰ সিদ্ধান্তক লৈ জাগীৰোড প্ৰতিবাদ সাব্যস্ত আম আদমী পাৰ্টীৰ ৷ চৰকাৰৰ নিলামৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি অসমৰ কাগজ কল দুটাক পুণৰুজ্জীৱিত কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নগাঁও কাগজ কলৰ মূখ্য গেটৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে আম আদমী পাৰ্টীৰ লগতে তিৱা জনগোষ্ঠীৰ লোকসকলে ৷

AAP protest in front of nagaoan paper mill
কাগজ কল নিলামৰ পিছত মাটি আমাক ঘূৰাই লাগিব: কোনে কলে ?

মৰিগাঁও, 14 জুন : অসমৰ জাতীয় সম্পদ নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলামৰ সিদ্ধান্তক লৈ জাগীৰোড প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীৰ অসম প্ৰদেশ শাখাৰ কৰ্মকৰ্তা সকলে ৷ হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে জাগীৰোডত চৰকাৰৰ নিলামৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি অসমৰ কাগজ কল দুটাক পুণৰুজ্জীৱিত কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নগাঁও কাগজ কলৰ মূখ্য গেটত হেৱা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে আম আদমী পাৰ্টীৰ লগতে তিৱা জনগোষ্ঠীৰ লোকসকল ৷

বিগত সপ্তাহটোত চৰকাৰৰ এই নিলামৰ সিদ্ধান্তত বিভিন্ন জাতীয় দল সংগঠনৰ লগতে সোমবাৰে আম আদমী পাৰ্টীয়েও প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত তিৱা সম্প্ৰদায়ৰ একাংশ লোক উপস্থিত থাকি তেওলোকেও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ যদি চৰকাৰে কাগজ কল নিলাম কৰিব বিচাৰে, তেন্তে কাগজ কলৰ মাটি তিৱা সম্প্ৰদায়ক ঘূৰাই দিবলৈ দাবী জনায় ৷

কাগজ কল নিলামৰ পিছত মাটি আমাক ঘূৰাই লাগিব: কোনে কলে ?

উল্লেখ্য যে, 1985 চনত স্থাপিত হোৱা কাগজ কলটো অৰ্থনৈতিক দুৰাৱস্থাৰ বাবে 2017 চনত বন্ধ হৈ যায় ৷ ইফালে 1988 চনত শিলচৰৰ পৰা 25 কিঃমি দুৰত 637 গৰাকী কৰ্মচাৰীৰে আৰম্ভ হোৱা কাছাৰ কাগজ কলটো 2015 চনত আৰ্থিক দুৰাৱস্থাৰ বাবে বন্ধ হয় ৷

কেন্দ্ৰীয় চৰকাৰৰ হিন্দুস্তান পেপাৰ কৰপৰেচনৰ দ্বাৰা পৰিচালিত কাগজ কল দুটাৰ কৰ্মচাৰীৰ দৰমহা 2017 চনতে বন্ধ হৈ যায় ৷ তাৰ পিছৰে পৰাই বিভিন্ন সময়ত কাগজ কল দুটা পুনৰ আৰম্ভ কৰিবলৈ দাবী জনায় অহা হৈছিল যদিও 1139 কোটি টকাত নিলাম কৰাৰ বিজ্ঞাপন প্ৰকাশ হোৱাৰ পিছতে বিভিন্ন দল সংগঠন সমূহে এই সিদ্ধান্তৰ বিৰুধিতাৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : বন্ধ হ’ল উজনিৰ একমাত্ৰ ধান ক্ৰয় কেন্দ্ৰ: কৃষকৰ মাজত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.