ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 15, 2022, 5:03 PM IST

top-10-at-5-pm
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

GMCH new auditorium : GMCH ত কেইবা কোটি টকাৰ পাঁচটাকৈ ভৱন মুকলি

একেদিনাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা পাঁচটাকৈ ভৱন মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (New building inauguration in GMCH)। ৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৮৫০ খন আসন ক্ষমতা সম্পন্ন আধুনিক প্ৰেক্ষাগৃহ উদ্বোধন কৰা হৈছে ।

Shraddha Walker Murder Case : নিচিন্তে লকআপত শুইছে হত্যাকাৰী

দিল্লীৰ লোকহৰ্ষক হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আফতাব আমিন পুনাৱালাৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে (Video of Aftab first night in jail)। লকআপত শুই থকা ভিডিঅ'টোৱেও বিশেষ চৰ্চা লাভ কৰিছে । হত্যাকাৰীক মৃত্যুদণ্ডৰ দাবী ভুক্তভোগী যুৱতীৰ পৰিয়ালৰ ।

Mizoram quarry collapse : ৪ জন লোক এতিয়াও সন্ধানহীন

মিজোৰামৰ হনাথিয়াল জিলাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা (Rock quarry collapsed in Mizoram) । শিলৰ কুঁৱেৰী খহি পৰাৰ ফলত কেইবাজনো শ্ৰমিকৰ মৃত্যু । এতিয়াও সন্ধানহীন হৈ আছে ৪ জন লোক । উক্ত ৪ জনৰ ভিতৰত আছে অসম আৰু মিজোৰামৰ লোক ।

World total Population : 8 বিলিয়ন স্পৰ্শ কৰিলে বিশ্বৰ জনসংখ্যাই

১৯৫০ চনৰ পিছত সৰ্বাধিক লেহেমীয়া হাৰত বিশ্বৰ জনসংখ্যা বৃদ্ধি পাইছে, ২০২০ চনত ১ শতাংশৰ তললৈ নামি আহিছে জন সংখ্যা বৃদ্ধিৰ হাৰ ৷ ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ২০৩০ চনত বিশ্বৰ জনসংখ্যা প্ৰায় ৮.৫ বিলিয়ন আৰু ২০৫০ চনত ৯.৭ বিলিয়নলৈ বৃদ্ধি পাব পাৰে ৷ ২০৮০ চনৰ ভিতৰত জনসংখ্যা প্ৰায় ১০.৪ বিলিয়নৰ শিখৰত উপনীত হ’ব আৰু ২১০০ চনলৈকে সেই স্তৰত থাকিব বুলি ধাৰণা কৰা হৈছে (World Population hits 8 Billion today) ৷

Nagaon Mysterious Death : যুৱকৰ মৃত্যুৰ ন্যায় বিচাৰি আৰক্ষী অধীক্ষকৰ কাষ চাপিল পৰিয়াল

নগাঁৱত এজন যুৱকৰ মৃত্যুক লৈ ৰহস্য (Nagaon Youth mysterious death) । যুৱকৰ মৃত্যুৰ ন্যায় বিচাৰি আৰক্ষী অধীক্ষকৰ কাষ চাপিল পৰিয়াল ।

Rhino Roaming in Majuli : গড়ৰ মুক্ত বিচৰণে আতংকিত কৰিছে মাজুলীবাসীক

পুনৰ মাজুলীত গঁড়ৰ মুক্ত বিচৰণ ৷ গড়ৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে নামনি মাজুলী আৰু দক্ষিণ মাজুলীবাসী (Rhino terror in Majuli)৷

Child sex abuse: নুনমাটিত শিশুক যৌন নিৰ্যাতন, আৰক্ষীৰ জালত লম্পট

নুনমাটিৰ চূণচালি অঞ্চলত এটি ৬ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এটা লম্পট (Police arrested man on charges of sexually assaulting a child)। ধৃত লম্পটটোৰ নাম গগন দাস ৷

Hemamalini in Nalbari: ড্ৰীমগাৰ্লৰ মুখত অসমৰ মহাপুৰুষৰ নাম, ধন্য হ’ল শংকৰদেৱ !

নলবাৰীৰ ঐতিহ্যপূৰ্ণ ৰাস মহোৎসৱলৈ আহিল হেমামালিনী (Hemamalini in Nalbari) ৷ মনোমোহা অভিনেত্ৰীগৰাকী শাসকীয় বিজেপি দলৰ মথুৰাৰ সাংসদো ৷ হেমামালিনীৰ দ্বাৰাই নলবাৰীৰ ৰাসক বিশ্ব দৰবাৰলৈ লৈ যোৱা হ’ব বুলি আশা আৰু দাবী কৰিছিল আয়োজকসকলে ৷ ড্ৰীমগাৰ্লক লৈ উছাহৰ অন্ত নাছিল নলবাৰীবাসীৰ (Nalbari Raas Mahotsav)৷ ৰাস মহোৎসৱত লোকে লিখি দিয়া ভাষণ পাঠ কৰিলে ড্ৰীমগাৰ্ল হেমামালিনীয়ে ৷

Road accident in Lakhimpur: অসম বন্ধৰ মাজতে লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

ছয় জনগোষ্ঠীয়ে আহ্বান জনোৱা অসম বন্ধৰ মাজতে লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Lakhimpur) । লখিমপুৰ জিলাৰ লালুক আৰক্ষী থানাৰ অন্তৰ্গত বাৰমাইলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, সুৰাসক্ত চালকে তেওঁৰ মাৰুতি বাহনখনেৰে মহটিয়াই লৈ যায় এখন ছুইফট বাহন ।

DC car vandalised: নলবাৰী ৰাসত দুৰ্বৃত্তই ভাঙিলে উপায়ুক্তৰ গাড়ী

সোমবাৰে নিশা নলবাৰী ৰাসত দুৰ্বৃত্তই ভাঙি চুড়মাৰ কৰিলে জিলা উপায়ুক্তৰ গাড়ী (DC car vandalised by miscreants in Nalbari Raas ) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.