ETV Bharat / state

Nagaon Mysterious Death : যুৱকৰ মৃত্যুৰ ন্যায় বিচাৰি আৰক্ষী অধীক্ষকৰ কাষ চাপিল পৰিয়াল

author img

By

Published : Nov 15, 2022, 4:31 PM IST

Nagaon Mysterious Death
Nagaon

নগাঁৱত এজন যুৱকৰ মৃত্যুক লৈ ৰহস্য (Nagaon Youth mysterious death) । যুৱকৰ মৃত্যুৰ ন্যায় বিচাৰি আৰক্ষী অধীক্ষকৰ কাষ চাপিল পৰিয়াল ।

নগাঁও, ১৫ নৱেম্বৰ : বিগত কিছুদিন ধৰি নগাঁৱত বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা (crime situation increases in Nagaon) । বিভিন্ন অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছে জিলাখনত । অপৰাধ আৰু অপৰাধীৰে যেন একপ্ৰকাৰ ভৰি পৰিছে নগাঁও । তাৰ মাজতে শেহতীয়াকৈ নগাঁৱত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ (Nagaon Youth mysterious death) ।

উল্লেখ্য, উক্ত ৰহস্যজনক ঘটনাটো সংঘটিত হয় বিগত ৮ নৱেম্বৰত । নিহত যুৱকজনৰ পৰিয়ালৰ লোকে দিয়া বিবৰণী অনুসৰি, ৮ নৱেম্বৰৰ নিশা নগাঁৱৰ শেনছোৱাৰ কল্যাণজ্যোতি শইকীয়া নামৰ যুৱকজন বন্ধুৰ সৈতে ৰাস চাবলৈ ঘৰৰ পৰা ওলাই গৈছিল (Raas Leela in Nagaon) । কিন্তু ৰাস চাই উভতি অহাৰ পথত বন্ধুৰ সৈতে যুৱকজনৰ তৰ্ক-বিতৰ্ক হোৱা বুলিও পৰিয়ালৰ সূত্ৰত প্ৰকাশ ।

যুৱকৰ মৃত্যুৰ ন্যায় বিচাৰি আৰক্ষী অধীক্ষকৰ কাষ চাপিল পৰিয়াল

তাৰ পিছতে শেনছোৱাৰ হালধিআটি খেলপথাৰৰ সমীপত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ (dead body recovered in Nagaon) । প্ৰথমাৱস্থাত যুৱকজনৰ মৃত্যু এক পথ দুৰ্ঘটনা বুলি ধাৰণা কৰি হৈছিল যদিও পৰিয়ালৰ লোকে কিন্তু সহজভাৱে ল'ব পৰা নাই যুৱকজনৰ মৃত্যুক (allegation to killed friend in Nagaon) ।

যুৱকজনক দুই-তিনিজন বন্ধুৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে । কিন্তু এজাহাৰ দাখিলৰ পিছতো আৰক্ষীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । অৱশেষত উপায়ন্তৰ হৈ দুৰ্ভগীয়া পৰিয়ালটোৱে যুৱকজনৰ মৃত্যুৰ ন্যায় বিচাৰি নগাঁও আৰক্ষী অধীক্ষক লীনা দলেৰ (Nagaon SP Leena Dole) কাষ চাপে । উল্লেখ্য, যুৱকজনৰ মৃত্যুক হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত জানিবৰ বাবে ই টিভি ভাৰতৰ (ETV Bharat) তৰফৰ পৰা হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক ফোনযোগে যোগাযোগ কৰা হৈছিল যদিও ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ফোনৰ কোনো উত্তৰ দিয়া নাই ।

উল্লেখ্য যে নগাঁৱৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা ঘটি আহিছে । নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে এই ক্ষেত্ৰত কঠোৰ ভূমিকা গ্ৰহণ কৰি আহিলেও সম্পূৰ্ণভাৱে ৰোধ কৰিব পৰা নাই অপৰাধৰ ঘটনা ।

লগতে পঢ়ক :Shraddha Walker Murder Case : নিচিন্তে লকআপত শুইছে হত্যাকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.