ETV Bharat / bharat

Shraddha Walker Murder Case : নিচিন্তে লকআপত শুইছে হত্যাকাৰী

author img

By

Published : Nov 15, 2022, 3:00 PM IST

Shraddha Walker Murder Case
নিচিন্তে লকআপত শুইছে হত্যাকাৰী

দিল্লীৰ লোকহৰ্ষক হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আফতাব আমিন পুনাৱালাৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে (Video of Aftab first night in jail)। লকআপত শুই থকা ভিডিঅ'টোৱেও বিশেষ চৰ্চা লাভ কৰিছে । হত্যাকাৰীক মৃত্যুদণ্ডৰ দাবী ভুক্তভোগী যুৱতীৰ পৰিয়ালৰ ।

নেশ্যনেল ডেস্ক,১৫ নৱেম্বৰ : দেশজুৰি দিল্লীৰ লোমহৰ্ষক হত্যাকাণ্ডক লৈ ব্যাপক চৰ্চা চলি আছে (Shraddha Walker Murder Case)। তাৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে হত্যাকাৰী আফতাব আমিন পুনাৱালাৰ এটা ভিডিঅ' । ভিডিঅ'টোত নিষ্ঠুৰ হত্যাকাৰীজনক শান্তিৰে লকআপৰ ভিতৰত শুই থকা দেখা গৈছে (video of Aftab Amin Poonawala )। শান্তিৰে শুই থকা আফতাব আমিন পুনাৱালাৰ মুখত কিন্তু কোনো অনুশোচনা দেখা যোৱা নাই ।

জঘন্য অপৰাধ কৰাৰ পাছতো, তেওঁ লকআপত শান্তিৰেই শুই থকা দেখা গৈছে । লাভ জিহাদৰ গুৰুতৰ অভিযোগ উঠিছে পুনাৱালাৰ বিৰুদ্ধে । 'লাভ জিহাদ'ৰ ভুক্তভোগী শ্ৰদ্ধা নামৰ যুৱতীৰ পিতৃয়ে উল্লেখ কৰা মতে তেওঁৰ কন্যা আফতাবে পতা লাভ জিহাদৰ জালৰ স্বীকাৰ হৈছে । সেয়ে আফতাবৰ মৃত্যুদণ্ডৰ দাবী জনাইছে পিতৃগৰাকীয়ে । তেওঁ লগতে কয় যে দিল্লী আৰক্ষীৰ ওপৰত তেওঁৰ বিশ্বাস আছে আৰু তদন্তও সঠিক দিশত আগবাঢ়িছে ।

আফতাব আমিন এজন ফুড ব্ল'গাৰ । ইনষ্টাগ্ৰামত তেওঁৰ ব্যক্তিগত একাউণ্টৰ নাম দিয়া আছে হাংগ্ৰি চোক্ৰো (thehungrychokro)। আনহাতে ফুড ব্লগ ইনষ্টাগ্ৰামত আফতাবে ২০১৯ চনৰ ৩ মাৰ্চত অন্তিম খন ফটো পোষ্ট কৰিছিল । তেওঁ ২ ফেব্ৰুৱাৰীত তেওঁৰ ফুড ব্লগৰ পৰা শেষ ফটোখন পোষ্ট কৰিছিল ।

আৰক্ষীৰ সূত্ৰৰ মতে, ২০২২ চনত দিল্লীলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে দম্পতীটো ২০১৯ চনত সম্পৰ্ক স্থাপন কৰিছিল । তেওঁলোক কিছু সময় মহাৰাষ্ট্ৰত আছিল । তেওঁলোক দুয়ো একেলগে ভ্ৰমণো কৰিছিল ।

আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে মাৰ্চ-এপ্ৰিলত ভ্ৰমণৰ বাবে পাহাৰীয়া স্থানলৈ গৈছিল । দুয়ো মে' মাহত কেইদিনমানৰ বাবে হিমাচল প্ৰদেশলৈ গৈছিল আৰু একেলগে আছিল, য'ত তেওঁলোকে দিল্লীৰ ছত্ৰপুৰত বাস কৰা এজন লোকক লগ পাইছিল । বাতৰি অনুসৰি, দিল্লীলৈ অহাৰ পাছত, তেওঁলোকে প্ৰথমতে হিমাচলত লগ পোৱা একেজন ব্যক্তিৰ ফ্লেটত আছিল । পাছত, আফতাবে ছত্ৰপুৰত এটা ফ্লেট ভাড়ালৈ লৈছিল, য'ত তেওঁ শ্ৰদ্ধাৰ সৈতে থাকিবলৈ আৰম্ভ কৰিছিল । ১৮ মে'ত তেওঁ যুৱতীগৰাকীক ছত্ৰপুৰৰ ফ্লেটটোত হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

জানিব পৰা মতে মহাৰাষ্ট্ৰ পালঘৰৰ শ্ৰদ্ধা নামৰ যুৱতীগৰাকীয়ে মালাডস্থিত এটি বহুজাগতিক প্ৰতিষ্ঠানৰ কল চেণ্টাৰত কাম কৰিছিল (Girl murdered in Delhi)৷ কৰ্মৰত ঠাইতেই আফতাব আমিনৰ লগত শ্ৰদ্ধাৰ চিনাকি হয় ৷ লাহে লাহে তেওঁলোকৰ বন্ধুত্ব প্ৰেমৰ ৰূপ লয় (Girl murdered in love affair in Delhi) ৷

ইয়াৰ পিছতে শ্ৰদ্ধাই ঘৰৰ লোকৰ পৰা আঁতৰি দিল্লীত আফতাবৰ লগত লিভ-ইনত থাকিবলৈ আৰম্ভ কৰে ৷ কিন্তু শ্ৰদ্ধা আৰু আফতাবৰ সম্পৰ্কৰ কথা ঘৰত গম পোৱাৰ লগে লগে শ্ৰদ্ধাৰ ঘৰৰ লোকে সম্পৰ্কটো মানি ল'বলৈ অমান্তি হয় (Girl murdered by her Boyfriend)৷ যাৰ পিছতে দুয়োৰে মাজত প্ৰায়ে কাজিয়াৰো সৃষ্টি হয় । কিন্তু ১৮ মে’ত এই কাজিয়াৰ চৰম ৰূপ লোৱাত আফতাবে ডিঙি কাটি হত্যা কৰে শ্ৰদ্ধাক ৷ কেৱল ইয়াতেই ক্ষান্ত নাথাকি আফতাবে শ্ৰদ্ধাৰ শৰীৰটো ৩৫ টা টুকুৰা কৰি ফ্ৰীজত সোমোৱাই থৈ দিল্লীৰ বিভিন্ন ঠাইত পেলাই থৈ আহে ৷

লগতে পঢ়ক :Murder case in Delhi: প্ৰেমিকে 35 টুকুৰা কৰি হত্যা কৰিলে প্ৰেমিকাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.