Road accident in Lakhimpur: অসম বন্ধৰ মাজতে লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Nov 15, 2022, 4:41 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

ছয় জনগোষ্ঠীয়ে আহ্বান জনোৱা অসম বন্ধৰ মাজতে লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Lakhimpur) । লখিমপুৰ জিলাৰ লালুক আৰক্ষী থানাৰ অন্তৰ্গত বাৰমাইলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, সুৰাসক্ত চালকে তেওঁৰ মাৰুতি বাহনখনেৰে মহটিয়াই লৈ যায় এখন ছুইফট বাহন । দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ নম্বৰ হৈছে AS07 N 4111 আৰু AR01C1300 ৷ জানিব পৰা মতে, এই দুৰ্ঘটনাত 7 বছৰীয়া এটা শিশুসহ তিনিজন লোক গুৰুতৰ বাবে আহত হয় । পৰৱৰ্তী সময়ত ঘটনাস্থলীত লালুক আৰক্ষী উপস্থিত হৈ আহত তিনিওকে লালুক অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । অৱশ্যে আহতকেইজন বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.