ETV Bharat / state

দলঙৰ গাঁতত সোণ বিচাৰি মাজুলীত ৰাইজৰ হেতা ওপৰা

author img

By

Published : Apr 1, 2022, 2:28 PM IST

Updated : Apr 1, 2022, 2:51 PM IST

মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ (Construction of Jorhat Majuli bridge) চলি থকাৰ মাজতেই মাজুলীলৈ আহিছে অন্য এক সুখৰ বতৰা ৷ কিয়নো মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ বাবে খন্দা গাঁতত ওলাইছে এক বিশেষ সম্পদ ৷ এই সম্পদ ল’বলৈ দলং নিৰ্মাণস্থলিত ভিৰ কৰিছেহি মাজুলী শালমৰা গাঁওবাসী ৷

Construction of Jorhat Majuli bridge
মাজুলীত ওলাইছে সোণ

মাজুলী, 1 এপ্ৰিল : মাজুলীত সোণ ওলাইছে ! সোণ বিচাৰি তলৰ মাটি ওপৰ কৰিছে এতিয়া মাজুলীবাসী ৰাইজে ৷ এই বাতৰি বিয়পি পৰাৰ লগে লগে এতিয়া মাজুলীত এক উথপথপ পৰিৱেশে বিৰাজ কৰিছে ৷ এই বাতৰিৰ ফলত মাজুলীৰ শালমৰা গাঁৱত বৈছে এতিয়া আনন্দৰ বন্যা ৷

অৱশ্যে এই সোণ কোনো ধাতু নহয় ৷ এই সোণ হৈছে ভূ-গৰ্ভৰ পৰা লাভ কৰা এবিধ বিশেষ মাটি ৷ যি মাটি মৃৎ শিল্পী বা মৃৎ শিল্পৰ লগত জড়িত ব্যক্তিসকলৰ বাবে সোণতকৈও বেছি মূল্যবান ৷ যি মাটি পাবলৈ বহু কঠিন ৷ হঠাতে এই বিশেষ মাটিবিধ লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে মৃৎ শিল্পৰ লগত জড়িত ব্যক্তিসকল ৷

উল্লেখ্য যে, মাজুলীত চলি আছে মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ কাম (Construction of Jorhat Majuli bridge) । এই নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে দলঙৰ খুঁটাৰ বাবে খন্দা হৈছে ডাঙৰ ডাঙৰ গাঁত ৷ এই গাঁতত ওলাইছে এবিধ বিশেষ মাটি ৷ যি মাটি ব্যৱহাৰ কৰে কেৱল মৃৎ শিল্পৰ লগত জড়িত ব্যক্তিসকলেহে ৷

মাজুলীৰ দলঙৰ খুঁটাৰ গাঁতত ওলাইছে সোণ

মাজুলী শালমৰা গাঁৱৰ অধিকাংশ গাঁওবাসীৰ জীৱিকা মূল হৈছে কুমাৰ বৃত্তি ৷ সেয়ে দলং নিৰ্মাণ স্থলিৰ পৰা ওলোৱাৰ কুমাৰ মাটি নিবলৈ সেই স্থানত ভিৰ কৰিছেহি গাঁওবাসীয়ে । এই কুমাৰ মাটিৰে শালমৰা গাঁৱৰ মৃৎশিল্পীয়ে মাটিৰ কলহ, টেকেলি, বন্তি আদি তৈয়াৰ কৰি জীৱন নিৰ্বাহ কৰি আহিছে ।

বৰ্তমান কেঁচা মাল বা এই মাটিৰ অভাৱত লগতে চৰকাৰ আৰু প্ৰশাসনে নদীত কুমাৰ মাটি খন্দা বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত মৃত প্ৰায় অৱস্থা হৈছে এই শিল্পৰ । এই শিল্পক জীয়াই ৰাখিবলৈ যোৰহাট-শিৱসাগৰ আদি স্থানৰ পৰা মাটি কিনি নাৱেৰে শালমৰালৈ আনিবলগীয়া হয় । যাৰ ফলত লাভতকৈ লোকচানহে মাত্ৰাধিক হয় ৷

বৰ্তমান মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণ চলি থাকোতেই এই কুমাৰ মাটি ওলোৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে মাজুলী শালমৰা গাঁওবাসী (Rush near proposed Majuli Jorhat bridge to collect a special soil) । যাৰ বাবে এতিয়া দলং নিৰ্মাণস্থলিত কুমাৰ মাটি সংগ্ৰহ কৰিবলৈ ভিৰ কৰিছেহি শালমৰা গাঁওবাসীয়ে ।

লগতে পঢ়ক : Jorhat-Majuli Bridge: পূৰ্ণগতিত চলিছে মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণকাৰ্য

Last Updated :Apr 1, 2022, 2:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.