ETV Bharat / state

মাজুলী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বহুকেইখন গাঁৱক সংযোগ কৰি নিৰ্মাণ কৰিলে বাঁহৰ দলং

author img

By

Published : Dec 31, 2021, 3:54 PM IST

majuli-college-nss-team-constructed-a-bamboo-bridge
মাজুলী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে নিৰ্মাণ কৰিলে বাঁহৰ দলং

আজি পৰ্যন্ত ৰজাঘৰীয়াৰ দৃষ্টি নপৰা প্ৰায় বাৰখনকৈ নৈপৰীয়া গাঁৱক সংযোগ কৰি ৰাইজৰ সুবিধা হোৱাকৈ এখন বাঁহৰ দলং নিৰ্মাণ কৰি উলিয়ালে মাজুলী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে (New Bamboo bridge constructed by student in Majuli) ৷ এই দলং খনে গাঁওকেইখনক কমলাবাৰী ঘাটলৈকে সংযোগ কৰিছে ৷

মাজুলী, 30 ডিচেম্বৰ : মাজুলী মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ ৷ বাঁহৰ দলং নিৰ্মাণ কৰি মাজুলীবাসীক সকাহ দিলে মাজুলী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে (New Bamboo bridge constructed by student in Majuli) ৷ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ মাজুলী মহাবিদ্যালয় গোটৰ কাৰ্যক্ৰম বিষয়া, অধ্যাপক ড৹ অৰূপ বুঢ়াগোহাঁইৰ নেতৃত্বত প্ৰায় কুৰিজনৰো অধিক শিক্ষাৰ্থী-স্বেচ্ছাসেৱকে স্থানীয় গাঁওবাসীৰ সহযোগত দহদিনীয়া বিশেষ শ্ৰমদানেৰে নিৰ্মাণ কৰি উলিয়াই দলংখন ৷

majuli college nss team constructed a bamboo bridge
মাজুলী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে নিৰ্মাণ কৰিলে বাঁহৰ দলং

বৃহস্পতিবাৰে কমলাবাৰী ঘাটৰ সমীপত আয়োজন কৰা সভাত মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দেৱজিৎ শইকীয়াই আনুষ্ঠানিকভাৱে ফিটা কাটি দলংখন উদ্বোধন কৰে ৷ মহাবিদ্যালয়খনৰ এন এছ এছ গোটে লোৱা এই আদৰণীয় পদক্ষেপৰ তেওঁ শলাগ লয় আৰু গোটটোৱে সময়ে-সময়ে পালন কৰি অহা সামাজিক কৰ্মসূচীৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে প্ৰায় 32 মিটাৰ দৈঘ্যৰ এই দলংখনে নৈপৰীয়া কেইবাখনো গাঁৱৰ ৰাইজৰ যোগাযোগ ব্যৱস্থাত বিশেষভাৱে সহায় কৰিব বুলি উল্লেখ কৰে ৷

মাজুলী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে নিৰ্মাণ কৰিলে বাঁহৰ দলং

মানুহে সমাজ সেৱাৰ শিক্ষা কিশোৰ কালতেই লাভ কৰে বুলি প্ৰকাশ কৰি অধ্যক্ষগৰাকীয়ে কয় যে শিক্ষানুষ্ঠান সমূহত যুক্ত হৈ থকা ৰাষ্ট্ৰীয় সেৱা আঁচনিয়ে শিক্ষাৰ্থীসকলক সমাজ সেৱাৰ আদিপাঠ শিকায় ৷ সভাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন চন্দ্ৰ ঠাকুৰীয়া, মহাবিদ্যালয় এন চি চিৰ তত্ত্বাৱধায়ক অধ্যাপক আচাৰ্য মোহন দাস, অধ্যাপক ড৹ আমিনুল ইছলাম, বিজয় টিমুং, স্থানীয় বিশিষ্ট ব্যক্তি সুভাষ হাজৰিকা, ৰবীন দাসকে আদি কৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় গাওঁৰক্ষী বাহিনীৰ লোকসকল উপস্থিত থাকে । মাজুলী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে গ্ৰহণ কৰা সমাজহিতৈষী এনে অনুকৰণীয় পদক্ষেপৰ বাবে স্থানীয় গাঁওবাসী ৰাইজে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ভূয়সী প্ৰশংসা কৰিছে ৷

লগতে পঢ়ক: Covid vaccination for students: শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.