ETV Bharat / city

Covid vaccination for students: শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি

author img

By

Published : Dec 30, 2021, 10:11 PM IST

৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ ক'ভিড টীকাকৰণ অভিযান (Covid vaccination for students)। বৃহস্পতিবাৰে ৰাজ্যৰ শিক্ষা বিভাগ (Chief secretary of Education)ৰ প্ৰধান সচিব ড৹ বি কল্যাণ চক্ৰৱৰ্তীয়ে এই সম্পৰ্কত জাৰি কৰিছে এলানি বিশেষ নিৰ্দেশনা ।
শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি
শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি

গুৱাহাটী, ৩০ ডিচেম্বৰ : ৰাজ্যৰ সকলো বিদ্যালয়তে ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ ক'ভিড টীকাকৰণ অভিযান (Covid vaccination for students) । এই অভিযানৰ বাবে বৃহস্পতিবাৰে ৰাজ্যৰ শিক্ষা বিভাগ (Chief secretary of Education)ৰ প্ৰধান সচিব ড৹ বি কল্যাণ চক্ৰৱৰ্তীয়ে জাৰি কৰিছে এলানি বিশেষ নিৰ্দেশনা ।

শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি
শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি

সেই অনুসৰি ৰাজ্যৰ সকলো জিলাৰে অতিৰিক্ত উপায়ুক্তসকলে বিশেষভাৱে এই টীকাকৰণ অভিযানৰ তদাৰক কৰিব লাগিব । বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলে সংশ্লিষ্ট জিলাসমূহত দহৰ পৰা পোন্ধৰখন বিদ্যালয় ৩ জানুৱাৰীৰ পৰা বাচনি কৰিব লাগিব । বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ আৰু ছাত্ৰীৰ বাবে সুকীয়া সুকীয়া কোঠাৰ ব্যৱস্থা কৰিব লাগিব । টীকাকৰণৰ পিছত নিৰীক্ষণত ৰাখিবলৈও ছাত্ৰ আৰু ছাত্ৰীৰ বাবে দুটাকৈ সুকীয়া কোঠা থাকিব লাগিব ৷

টীকা গ্ৰহণ কৰিবলৈ শিক্ষাৰ্থী আৰু অভিভাৱকক বিদ্যালয়ৰ প্ৰধান শিক্ষক বা অধ্যক্ষই উৎসাহিত কৰিব লাগিব । টীকা প্ৰদান কৰা শিক্ষাৰ্থীৰ বা অভিভাৱকৰ মোবাইল নম্বৰ বিদ্যালয় কৰ্তৃপক্ষই ৰাখিব লাগিব । ২০২২ ৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ১৫ ৰ পৰা ১৮ বয়সৰ সকলো শিক্ষাৰ্থীৰ টীকাকৰণ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে শিক্ষা বিভাগৰ প্ৰধান সচিবগৰাকীয়ে ।

লগতে পঢ়ক: ১৫ মাৰ্চৰ পৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.