ETV Bharat / state

মাজুলীত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

author img

By

Published : Jun 13, 2021, 3:39 PM IST

Updated : Jun 13, 2021, 10:22 PM IST

দেওবাৰে মাজুলী আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়া জোনমনি ৰাভাৰ নেতৃত্বত চলোৱা অভিযানত নামন মাজুলীৰ গুৱালগাঁও তিনিআলিত উদ্ধাৰ কৰে গাঞ্জাখিনি ।

Large quantity of ganja seized in Majuli
মাজুলীত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা

মাজুলী,13 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ প্ৰতিখন জিলাতে আৰক্ষীয়ে অধিক তৎপৰতাৰে চলাই গৈছে এটাৰ পাচত আনটো অভিযান ৷ তাৰ সমান্তৰালভাৱে প্ৰতিটো অভিযানতে আৰক্ষীয়ে সফলতাৰে আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছসহ সৰবৰাহকাৰীক ৷ ঠিক তেনেদৰে দেওবাৰে মাজুলী আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷

মাজুলীত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়া জোনমনি ৰাভাৰ নেতৃত্বত চলোৱা অভিযানত নামন মাজুলীৰ গুৱালগাঁও তিনিআলিত উদ্ধাৰ কৰে গাঞ্জাখিনি । আৰক্ষীৰ দলটোৱে গুৱাল গাঁও তিনিআলিত এখন চাইকেলত ওলোমাই থোৱা অৱস্থাত প্ৰায় 1 কিলো 500গ্ৰাম গাঞ্জা উদ্ধাৰ কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও সেই ঠাইত কোনে গাঞ্জাখিনি ৰাখিছিল সেয়া স্পষ্ট হোৱা নাই ৷

লগতে পঢ়ক: চিনেমাৰ কায়দাৰে চলন্ত ৰে’লৰ পৰা তেল চুৰিৰ শিহৰণকাৰী দৃশ্য...

Last Updated :Jun 13, 2021, 10:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.