ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইনে ভাৰতৰ প্ৰতি মানুহৰ বিশ্বাসক অধিক দৃঢ় কৰিব : ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সভাপতি - TRIPURA BJP STATE PRESIDENT ON CAA

author img

By ANI

Published : May 26, 2024, 12:47 PM IST

Citizenship through CAA: দেশজুৰি জাৰি হোৱা কা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীব ভট্টাচাৰ্যৰ ৷ এই আইনে ভাৰতৰ প্ৰতি মানুহৰ বিশ্বাসক অধিক দৃঢ় কৰিব বুলি আশা প্ৰকাশ ভট্টাচাৰ্যৰ ৷ আইনখনৰ অপবাখ্যা কৰাৰ পৰা বিৰোধীক বিৰত থাকিবলৈ আহ্বান ভট্টাচাৰ্যৰ ৷

CAA will have no negative socio-economic impact on people, says Tripura BJP chief
কা আইনে ভাৰতৰ প্ৰতি মানুহৰ বিশ্বাসক অধিক দৃঢ় কৰিব (Etv bharat assam)

নেশ্যনেল ডেস্ক, 26 মে’: ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীৱ ভট্টাচাৰ্যই কয় যে, নাগৰিকত্ব সংশোধনী আইনখনে দেশৰ আৰ্থ-সামাজিক অৱস্থাত কেতিয়াও কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে ৷ কাৰণ CAA ৰূপায়ণৰ বাবে নিৰ্ধাৰিত সময় 2014 স্থিৰ কৰা হৈছে ৷

এই সন্দৰ্ভত শনিবাৰে এএনআইক ভট্টাচাৰ্যই কয়, "ইতিমধ্যে দহ বছৰ পাৰ হৈ গ'ল । গতিকে, মানুহৰ জীৱনত কোনো ডাঙৰ আৰ্থ-সামাজিক প্ৰভাৱ নপৰে । বিৰোধীয়ে CAA ৰূপায়ণ সন্দৰ্ভত ৰাইজৰ মাজত ভয় জগাই তুলিবলৈ চেষ্টা কৰি আহিছে আৰু তেওঁলোকে যি কথা কৈছে সেয়া সম্পূৰ্ণ ভিত্তিহীন ।"

ৰাজ্যখনৰ জনজাতীয় অঞ্চলৰ লোকে CAA ক ভাবুকি বুলি ধাৰণী পুহি ৰখা জনসাধাৰণৰ আশংকা দূৰ কৰি ভট্টাচাৰ্যই পুনৰ কয়, "যোৱা কেইবাদিনো ধৰি মই দেখিছোঁ যে বিৰোধী দলসমূহে আইনখনৰ জটিল ব্যাখ্যাৰে মানুহক বিপথে পৰিচালিত কৰিবলৈ অশেষ চেষ্টা কৰি আহিছে ।

কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা অধিসূচনাখনে স্পষ্টভাৱে আলোকপাত কৰিছে যে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে, যিসকলে ভাৰতলৈ প্ৰব্ৰজন কৰিছিল তেওঁলোকে নাগৰিকত্বৰ বাবে যোগ্য হ’ব ৷ অৱশ্যে অধিসূচনাখনত উল্লেখ কৰা হৈছে যে যিসকলে 2014 চনৰ নিৰ্দিষ্ট তাৰিখৰ পূৰ্বে ভাৰতলৈ প্ৰব্ৰজন কৰিছিল তেওঁলোকেহে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব ।" ।

এই বিষয়ত কেন্দ্ৰ চৰকাৰৰ স্থিতি পুনৰবাৰ উল্লেখ কৰি ভট্টাচাৰ্যই পুনৰ কয়, "জনজাতীয় জনগোষ্ঠীৰ কোনোৱে CAA ৰ বাবে ভয় খাব নালাগে । কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে যে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহ আইনখনৰ পৰিসৰৰ পৰা ৰেহাই দিয়া হৈছে ।"

স্বায়ত্ব শাসিত জিলা পৰিষদৰ অধীনৰ অঞ্চল আৰু ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা বলৱৎ হোৱা ঠাইত CAA প্ৰযোজ্য নহয় বুলিও তেওঁ কয় । ত্ৰিপুৰাৰ বিৰোধী দলসমূহক এনে কু-অভিপ্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় এনে কাৰ্য তেওঁৰ দৃষ্টিত ৰাজ্যবাসীৰ গণতান্ত্ৰিক চেতনাক আঘাত কৰাৰ সমান বুলি কয় ।

CAA ৰূপায়ণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি ভট্টাচাৰ্যই কয়, "কেৱল নিজৰ সংস্কৃতি আৰু ধৰ্মীয় পৰিচয় ৰক্ষাৰ বাবে নিজৰ গৃহভূমি এৰি যোৱা লোকসকলে আমাৰ দেশৰ নাগৰিকত্ব লাভ কৰা উচিত । ইয়াত যদি তেওঁলোকক প্ৰত্যাখ্যান কৰা হয়, তেন্তে তেওঁলোক আৰু ক'লৈ যাব ? মই ভাবো এই নতুন আইনখনে আমাৰ দেশৰ প্ৰতি মানুহৰ বিশ্বাসক অধিক দৃঢ় কৰিব ।"

CAAৰ অধীনত ভাৰতীয় নাগৰিকত্ব বিচৰাসকলৰ বাবে নাগৰিকত্ব অনলাইন ৱেবচাইটৰ জৰিয়তে অথবা ম’বাইল এপৰ জৰিয়তে অনলাইনযোগে আবেদন দাখিল কৰিব পাৰিব ।

লগতে পঢ়ক: নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ভাৰতৰ নাগৰিকত্ব লাভ 14 গৰাকীৰ - Citizenship Certificates Under CAA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.