ETV Bharat / state

For Majuli Student: বন্ধৰ দিশে গতি কৰিছে মাজুলীৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

author img

By

Published : Jul 16, 2023, 5:06 PM IST

For Majuli Student
বন্ধৰ দিশে গতি কৰিছে নেকি মাজুলীৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

সত্ৰ নগৰী মাজুলীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা বেয়া খবৰ ৷ বন্ধৰ দিশে গতি কৰিছে নেকি মাজুলীৰ এক মাত্ৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ৷ ২০০৫ চনতেই ড্ৰাফমেন চিভিল ট্ৰেড, ২০২০ কপাৰ ট্ৰেডৰ পাচত চুইং টেকন’লজি বন্ধ ৷

বন্ধৰ দিশে গতি কৰিছে মাজুলীৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

মাজুলী,16 জুলাই: সত্ৰ নগৰী মাজুলীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা বেয়া খবৰ । মাজুলীত থকা একমাত্ৰ চৰকাৰী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ মৃত্যুমুখী যাত্ৰা ৷ 6 খন মহাবিদ্যালয় , শতাধিক উচ্চতৰ মাধ্যমিক বিদ্যালয় থকাৰ বিপৰীতে মাজুলীত চৰকাৰী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান এখনে আছে ৷ যিখন ঔদ্যোগিক প্ৰতিষ্ঠানত মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীয়ে কাৰীকৰী প্ৰশিক্ষণ গ্ৰহণ কৰি স্বৱলম্বিতাৰ বাট মুকলি কৰিছিল ৷

কিন্তু এই প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা ট্ৰেডৰ প্ৰশিক্ষকক আন প্ৰতিষ্ঠানলৈ বদলি কৰি ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বন্ধ কৰাৰ পিচত মাজুলীৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানখনৰ পৰা ইটোৰ পিচত সিটোকৈ বিভাগ আঁতৰোৱাৰ পৰিলক্ষিত হৈছে ৷ এদেও দুদেও কৰি লুটা নিয়াৰ চেৱেৰে ভূমিকা পালন কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

উল্লেখ্য যে এই ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰথমতে এ চি ভিটিৰ ৬ টাকৈ ট্ৰেডত ক্ৰমে মেকানিকেলডিজেল, ইলক্টিছিয়ান, চুইং টেকনোলজি, ইলেক্ট্ৰনিকচ, কম্পিউটাৰ (কপা), ড্ৰাফমেন চিভিল ট্ৰেডত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল ৷ কিন্তু বৰ্তমান চুইং টেকনোলজি বিভাগটোক সম্পূৰ্ণ বন্ধ কৰি দিছে ৷

১৯৮৭ চনতেই প্ৰতিষ্ঠা হোৱা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান খনত ছাত্ৰ-ছাত্ৰীৰ অভাৱত আৰু প্ৰশিক্ষক বদলি কৰাৰ পিচত নতুন প্ৰশিক্ষক নিযুক্তি নিদিয়াৰ বাবে কেইবাটাও বিভাগ প্ৰতিষ্ঠান খনৰ পৰাই আঁতৰাই দিয়া হ’ল ৷

২০০৫ চনতেই ড্ৰাফমেন চিভিল ট্ৰেড, ২০২০ চনত কপাৰ ট্ৰেডৰ প্ৰশিক্ষক গৰাকীক ডিব্ৰুগড়লৈ বদলি কৰাৰ পিচত কপাৰ ট্ৰেডও মাজুলীৰ পৰা আঁতৰাই পেলোৱা হয় ৷ বৰ্তমান মেকানিকেল ডিজেল, ইকেক্টিচিয়ান আৰু চুইং টেকনোলজি ট্ৰেডত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰি অহা হৈছিল ৷ কিন্তু হঠাৎ প্ৰতিষ্ঠানখনৰ আনলাইন নামৰ্ভতি পৰ্টেলৰপৰা চুইং টেকনোলজি নামভৰ্তিৰ প্ৰক্ৰিয়া বন্ধ হৈ পৰাত নামৰ্ভতিৰ বাবে অহা ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ লগা দেখা গৈছে ।

লগতে পঢ়ক:PNRD Corruption in Majuli:মাজুলীত পঞ্চায়ত গৃহ নিৰ্মাণত ব্যাপক অনিয়ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.