ETV Bharat / state

UPSC APSC training camp:মাজুলীৰ বিধায়কৰ প্ৰশংসনীয় পদক্ষেপ

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 9:56 AM IST

Free UPSC APSC training camp inaugurated in Majuli
প্ৰশিক্ষণ শিবিৰ উদ্বোধন

মাজুলীৰ বিধায়কৰ প্ৰশংসনীয় পদক্ষেপ ৷ "চুপাৰ ৫০"ৰ লক্ষ্যৰে বিনামূলীয়া UPSC, APSC প্ৰশিক্ষণ শিবিৰ উদ্বোধন ৷ মাজুলী মহাবিদ্যালয়ত মনোজ্ঞ অনুষ্ঠানত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ ৷

প্ৰশিক্ষণ শিবিৰ উদ্বোধন

মাজুলী, 11 অক্টোবৰ : মাজুলীৰ বিধায়ক ভুৱন গামৰ উদ্যোগত অলপতে মাজুলীত জন্ম লাভ কৰা "মণিকাঞ্চন শৈক্ষিক ন্যাস" ৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ সোমবাৰে মাজুলী মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । মাজুলীৰ শিক্ষাৰ্থীসকলৰ মাজৰ পৰা চুপাৰ ৫০ নিৰ্বাচন কৰি কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC) আৰু অসম অ-সামৰিক সেৱাৰ পৰীক্ষাসমূহ (APSC) ত উত্তীৰ্ণ হোৱাৰ কৌশল শিক্ষণৰ বাবে উক্ত মণিকাঞ্চন শৈক্ষিক ন্যাস গঠন কৰা হৈছে ।

মাজুলীৰ বিধায়ক ভুৱন গামৰ সপোন মাজুলীৰ ছাত্ৰ-ছাত্ৰীসকলেও ইউ পি এছ চি, এ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈ মাজুলীলৈ সুনাম কঢ়িয়াই আনক । বিধায়ক ভুৱন গামৰ উদ্যোগত স্থাপন হোৱা উক্ত মণিকাঞ্চন শৈক্ষিক ন্যাসৰ ইউ পি এছ চি, এ পি এছ চি পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ উদ্বোধন উপলক্ষে মাজুলী মহাবিদ্যালয়ত আয়োজন কৰা হয় এক মনোজ্ঞ অনুষ্ঠানৰ । অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ।

উক্ত উদ্বোধনী অনুষ্ঠানত মাজুলীৰ বিধায়ক ভুৱন গামে অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে । তেওঁ মণিকাঞ্চন শৈক্ষিক ন্যাসৰ কৃতকাৰ্যতা আশা কৰে । মাজুলীৰ ছাত্ৰ-ছাত্ৰীসকলে ইউ পি এছ চি/ এ পি এছ চি ত উত্তীৰ্ণ হোৱাৰ বাবে প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ কামনা কৰে । মাজুলী মহাবিদ্যালয়ত উক্ত বিনামূলীয়া প্ৰশিক্ষণ এক বছৰ ধৰি চলিব । মাজুলীৰ বিধায়ক ভুৱন গামৰ উদ্যোগত প্ৰতিষ্ঠিত মণিকাঞ্চন শৈক্ষিক ন্যাসৰ উদ্বোধনী অনুষ্ঠানতে মাজুলীৰ গৌৰৱ পদ্মশ্ৰী গোপীৰাম বৰা বূঢ়াভকত, পদ্মশ্ৰী ড৹ হেমচন্দ্ৰ গোস্বামী, মাজুলীৰ জনজাতি অঞ্চলত শিক্ষাৰ প্ৰসাৰক যোগেশ শাস্ত্ৰী, ২০২২ চনৰ এ চি এছ লাভ কৰা কাৰ্তিক কমল শইকীয়াৰ পিতৃ কৃষ্ণ কমল শইকীয়াক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক : Majuli News : মাজুলীৰ আউনীআটী হেমচন্দ্ৰ উঃমাঃ বিদ্যালয়ত ডিজিটেল শ্ৰেণীকক্ষৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.