Majuli News : মাজুলীৰ আউনীআটী হেমচন্দ্ৰ উঃমাঃ বিদ্যালয়ত ডিজিটেল শ্ৰেণীকক্ষৰ আধাৰশিলা স্থাপন

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 4:48 PM IST

thumbnail

মাজুলী, 9 অক্টোবৰ: মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ উদ্যোগত ডিজিটেল শ্ৰেণীকক্ষৰ আধাৰশিলা স্থাপন কৰে ৷ দেওবাৰে মাজুলীৰ আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষৰ স্মাৰক হিচাপে প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ উদ্যোগত ডিজিটেল শ্ৰেণীকক্ষটোৰ আধাৰশিলা স্থাপন কৰা হয় ।

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে মাংগলিক ধ্বনি, খোল-তাল, শংখ ধ্বনিৰ মাজেৰে স্থাপন কৰে আধাৰশিলা । প্ৰাক্তন শিক্ষাৰ্থীৰ অনুদানেৰে নিৰ্মাণ হ’ব শ্ৰেণীকোঠাটো ৷ এই অনুষ্ঠানত বিদ্যালয়খনৰ শতাধিক প্ৰাক্তন শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে ।

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে আধাৰশিলা স্থাপন কৰি কয় যে, আমাৰ ছাত্ৰ-ছাত্ৰীয়েও বৰ্তমানৰ প্ৰযুক্তিবিদ্যাৰ লগত ফেৰ মাৰি অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিব । বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া শলাগ ল’বলগীয়া ।

লগতে পঢ়ক:Majuli Jorhat connecting bridge: ৯২৫ কোটি টকাৰে নিৰ্মাণ সম্ভৱ নে মাজুলী যোৰহাট সংযোগী দলঙৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.