ETV Bharat / state

Foundation Day of Satra in Majuli: শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰৰ ২৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

author img

By

Published : Feb 5, 2023, 1:39 PM IST

278th Foundation Day of Sri Sri Alengi Narasimha Satra
শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰ

শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰৰ ২৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰম্ভ (Sri Sri Alengi Narasimha Satra) । ইয়াৰ সৈতে সংগতি ৰাখি শ্ৰীকৃষ্ণৰ মুকলি ৰাস প্ৰদৰ্শন কৰা হয় । কালিৰ মুকলি সভাত স্মৃতিগ্ৰন্থ "কল্পদ্ৰুম" উন্মোচন কৰা হয় । আজি সামৰণি পৰিব প্ৰতিষ্ঠা দিৱসৰ ।

শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰ

মাজুলী, ৫ ফেব্ৰুৱাৰী: মাজুলী জিলাৰ অভয়পুৰীয়াস্থিত শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰৰ ২৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে (278th Foundation Day of Sri Sri Alengi Narasimha Satra)। এই শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দুদিনীয়াকৈ শ্ৰীকৃষ্ণৰ মুকলি ৰাস প্ৰদৰ্শন হৈছে । এই উপলক্ষে আয়োজিত সভাত পদ্মশ্ৰী সন্মান প্ৰাপক বিশিষ্ট মুখা শিল্পী ড৹ হেমচন্দ্ৰ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Padmashree Hemchandra Goswami) ।

সত্ৰীয়া সংস্কৃতিৰ পৃষ্ঠভূমি নদীদ্বীপ মাজুলীৰ উত্তৰ-পূব কোণত আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহৰ পৃষ্ঠপোষকতাত আঢ়ৈশৰো অধিক বছৰৰ পূৰ্বে ধৰ্ম-সংস্কৃতিৰ ভেটি দৃঢ় কৰাৰ উদ্দেশ্যেৰে প্ৰতিষ্ঠিত হৈছিল শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰ (Swargadeo Pramatta Singha)। এই শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰখনে শিষ্য-প্ৰশিষ্যসকলৰ চেষ্ঠা অৰিহণাৰে পৰিপুষ্ট হৈ নিজস্ব গৰিমা অটুত ৰাখিবলৈ সক্ষম হৈছে । শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰৰ শিষ্য়ৰ লগতে ৰাইজৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে ২৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে ।

এই উপলক্ষে শনিবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে পুৱাৰ ভাগত গছপুলি ৰোপণৰ পিচতেই পতাকা উত্তোলন কৰা হয় । কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে এই পতাকা উত্তোলনত অংশগ্ৰহণ কৰে । ইয়াৰ সৈতে সংগতি ৰাখি মুকলি সভাৰো আয়োজন কৰা হয় । এই মুকলি সভাত কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে ভাষণ প্ৰদান কৰে । তেওঁলোকে সত্ৰখনৰ উন্নয়নৰ বাবে সকলোকে কাম কৰি যাবলৈ আহ্বান জনায় । তদুপৰি এই উপলক্ষে আন কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি উদ্য়োক্তাসকলে সদৰী কৰিছে ।

শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে প্ৰস্তুত কৰা স্মৃতিগ্ৰন্থ "কল্পদ্ৰুম" উন্মোচন কৰে কবি, লেখক তথা মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দেৱজিৎ শইকীয়াই (Majuli College)। এই উপলক্ষে দুদিনিয়াকৈ শ্ৰী কৃষ্ণ মুকলি ৰাস প্ৰদৰ্শন কৰে মাজুলীৰ অভিনেতা -অভিনেত্ৰীসকলে ।

ইপিনে, কালিৰ এক বিশেষ অনুষ্ঠানত পদ্মশ্ৰী সন্মান লাভ কৰা বিশিষ্ট মুখা শিল্পী ড৹ হেমচন্দ্ৰ গোস্বামীৰ লগতে কেইবাগৰাকিও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে উদযাপন সমিতিয়ে (Dr Hemchandra Goswami felicitated in Majuli)। উল্লেখ্য় যে, সত্ৰ হৈছে অসমীয়া জাতিৰ প্ৰাণপ্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্থাপন কৰা এক বিশেষ অনুষ্ঠান ।

লগতে পঢ়ক:PM Modi in Akhand Kirtan: নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত ভাৰ্চুৱেলী অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.