ETV Bharat / state

PM Modi in Akhand Kirtan: নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত ভাৰ্চুৱেলী অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : Feb 3, 2023, 10:56 PM IST

সৰ্থেবাৰীৰ নসত্ৰত অৱস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত বিশ্বশান্তিৰ বাবে এমহীয়া অখণ্ড কীৰ্তন ৷ শুকুৰবাৰে অখণ্ড কীৰ্তনত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(PM Modi virtually attend Akhand Kirtan) ৷ অখণ্ড কীৰ্তনত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো ।

PM Modi virtually attend Akhand Kirtan
নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভা

নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভা

বৰপেটা, ৩ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নসত্ৰত অৱস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত বিশ্বশান্তিৰ বাবে অনুষ্ঠিত এমহীয়া অখণ্ড কীৰ্তন উপলক্ষে শুকুৰবাৰে আয়োজিত ধৰ্মালোচনী সভাত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ অনুষ্ঠানত ভাৰ্চুৱেলী ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ আধ্যাত্মিক শক্তিক কৃষ্ণগুৰু সেৱাশ্ৰমে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । ভাৰতৰ ঐতিহ্যশালী ইতিহাস এনেদৰেই সমৃদ্ধিশালী হৈছে । ভাৰতৰ সমৃদ্ধিশালী সম্পদ উত্তৰ পূৰ্বাঞ্চলৰ বুকুত সঞ্চিত হৈ আছে । সেই সম্পদৰে এক অংশ হ'ল অঞ্চলটোৰ সমৃদ্ধিশালী সংস্কৃতি ।

PM Modi virtually attend Akhand Kirtan
নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভা

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যোৱা আঠ বছৰত দেশৰ চৰকাৰে সকলোৰে সৈতে সকলোকে লগত লৈ আগবাঢ়িছে । তাৰ ফলত দেশৰ সৰ্বদিশত বিকাশ হৈছে । সেই লক্ষ্যৰেই এইবাৰৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত গ্ৰহণ কৰা বিবিধ আঁচনিয়ে পূৰ্বোত্তৰৰ বিকাশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাটো নিশ্চিত । পৰ্যটন, ঔদ্যোগিকৰণ আদি ক্ষেত্ৰত এই বিকাশ ত্বৰান্বিত হ'ব । উল্লেখযোগ্য যে ১৯৭৪ ৰ ৰাস পূৰ্ণিমাত প্ৰয়াত অৰুণ চন্দ্ৰ গোস্বামীয়ে একেশ্বৰবাদী কৃষ্ণগুৰু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল । তেওঁৰ মৃত্যুৰ পাছত বৰ্তমান ইয়াৰ মুৰব্বী হ'ল অৰুণ চন্দ্ৰ গোস্বামীৰ পুত্ৰ প্ৰেমানন্দ গোস্বামী ।

PM Modi virtually attend Akhand Kirtan
নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভা

দেশে বিদেশে ১০৪ টা চক্ৰ থকা কৃষ্ণগুৰুত শৰণ লোৱা ভক্তৰ সংখ্যা ডেৰ কোটিৰো অধিক(Krishnaguru Ek Naam Akhand Kirtan) । দেশে বিদেশে বিয়পি থকা ভক্তসকলৰ অন্যতম হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । আজিৰ সভাত অংশগ্ৰহণ কৰি সোণোৱালে ভাষণত কয় যে কৃষ্ণগুৰুৰ বাণীয়ে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিছে । কৃষ্ণগুৰুৰ অৱদানে ভাৰতৰ ঐতিহ্যক মহিমামণ্ডিত কৰিছে । সমাজখনক আধ্যাত্মিকতাৰ শক্তিশালী পথৰ সন্ধান দিছে(Krishnaguru Sevashrama Nasatra in Barpeta) ।

PM Modi virtually attend Akhand Kirtan
নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভা

এই সভাত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় বিমল বড়া আৰু ডাঃ ৰণোজ পেগুও উপস্থিত থাকে । কৃষ্ণগুৰুৰ কেবাহাজাৰ ভক্ত উপস্থিত থকা ধৰ্মালোচনী সভাত এই ধৰ্মৰ মুৰব্বী প্ৰেমানন্দ গোস্বামীও উপস্থিত থাকে । সভাত আদৰণি ভাষণ দিয়ে গুৰুপত্নী কুন্তলা গোস্বামীয়ে । উল্লেখযোগ্য যে কৃষ্ণগুৰু সেৱাশ্ৰমত প্ৰতি বছৰে সাতদিনীয়াকৈ অখণ্ড কীৰ্তন অনুষ্ঠিত হয় আৰু প্ৰতি বাৰ বছৰৰ মূৰত এমহীয়াকৈ এই কীৰ্তন কৰা হয় । এইবাৰ বাৰ বছৰৰ মূৰত এমহীয়া কীৰ্তন অনুষ্ঠিত হৈছে(Akhand Kirtan for World Peace in Assam) ।

লগতে পঢ়ক: PM Modi in Akhand Kirtan: নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ একনাম অখণ্ড কীৰ্তনত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.