ETV Bharat / state

মাজুলী-যোৰহাট সংযোগী দলং মাত্ৰ নিৰ্বাচনী ইছ্যু: জনাৰ্দন দেৱ গোস্বামী

author img

By

Published : Jul 7, 2022, 8:41 PM IST

Jorhat Majuli bridge under uncertainty
মাজুলী-যোৰহাট সংযোগী দলং মাত্ৰ নিৰ্বাচনী ইছ্যু : জনাৰ্দন দেৱ গোস্বামী

বিগত ২ মাহ ৭ দিনে বন্ধ হৈ আছে মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ কাৰ্য (Jorhat Majuli bridge under uncertainty) ৷ নিমাওমাও সদৃশ পৰিৱেশ নিৰ্মাণথলীত । মাজুলী-যোৰহাট সংযোগী দলং মাত্ৰ নিৰ্বাচনী ইছ্যু - সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি এইদৰে কলে সত্ৰধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ৷

মাজুলী, ৭ জুলাই : মাজুলী যোৰহাট সংযোগী দলং- মাজুলীৰ দুই লক্ষ জনতাৰ সপোনৰ দলং (Bridge to Majuli)। মাজুলীয়ালৰ এই দীৰ্ঘদিনীয়া সপোন আকৌ সপোন হোৱাৰ পথত ৷ কিয়নো মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ সপোনৰ এই দলংখনৰ নিৰ্মাণকাৰ্য আজি দুমাহ সাতদিন ধৰি বন্ধ হৈ আছে (Jorhat Majuli bridge under uncertainty)।

বৃহস্পতিবাৰে মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণথলী পৰিদৰ্শন কৰে বিশ্ব হিন্দু মহাসংঘ অসমৰ সম্পাদক তথা মাজুলীৰ দক্ষিণপাট গৃহাস্বমী সত্ৰৰ সত্ৰধিকাৰে । দলং নিৰ্মাণথলীৰ দক্ষিণপাট কৈৱৰ্ত গাঁৱত উপস্থিত হৈ সৰব হ’ল দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰগৰাকী ।

মাজুলী-যোৰহাট সংযোগী দলং মাত্ৰ নিৰ্বাচনী ইছ্যু: জনাৰ্দন দেৱ গোস্বামী

মাজুলীবাসীৰ সপোনৰ দলংখন সঁচাকৈ হ’বগৈনে ? এই প্ৰশ্ন সত্ৰাধিকাৰৰ । কেৱল নিৰ্বাচনী ইছ্যু কৰি নাৰাখি মাজুলীবাসীক দিয়া ব্ৰহ্ম বাক্য পালন কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছে দক্ষিণপাট গৃহাস্বমী সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে ।

লগতে পঢ়ক : মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত বিসংগতি

আনহাতে, মাজুলী যোৰহাট সংযোগী দলঙৰ ৮ আৰু ১১ নং খুটাত বিসংগতি ধৰা পৰিছিল যোৱা ১ মে’ তাৰিখে (Anomaly in Majuli bridge construction) । এই বিসংগতিৰ কথা জানিব পাৰি নিৰ্মাণস্থলীত স্থানীয় বিধায়ক ভুবন গাম আৰু লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, মাজুলী জিলাৰ উপায়ুক্ত উপস্থিত হৈ বিসংগতি দূৰ নোহোৱালৈকে দলঙৰ কাম বন্ধ কৰিছিল ।

কিন্তু সেইদিন ধৰি জনপ্ৰতিনিধি, প্ৰশাসনৰ মূৰব্বী উপায়ুক্তগৰাকী তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ নাই তৎপৰতা ৷ নল’লে কোনো বিশেষ ব্যৱস্থা । নিৰ্মাণস্থলীত নাই ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেচনৰ কোনো কৰ্মচাৰী, BRC কোম্পানীৰ কৰ্মী । এক কথাত ক’বলৈ গ’লে এতিয়া দলং নিৰ্মাণস্থলীত এতিয়া এক নিমাওমাও পৰিৱেশ । এই অভিযোগ মাজুলীবাসীৰ ৷

Jorhat Majuli bridge under uncertainty
মাজুলী-যোৰহাট সংযোগী দলং মাত্ৰ নিৰ্বাচনী ইছ্যু : জনাৰ্দন দেৱ গোস্বামী

ইফালে দুই তিনিমাহ দলং নিৰ্মাণৰ কাম বন্ধ হৈ থাকিলে ২০২৬ ত সম্পূৰ্ণ হ’ব নে নিৰ্মাণকাৰ্য ? এই প্ৰশ্ন বিশ্ব হিন্দু মহাসংঘ অসমৰ সম্পাদকগৰাকীৰ । লগতে নিৰ্মাণথলীত উপস্থিত হোৱা শিলডুবি সত্ৰৰ সত্ৰাধিকাৰ ক্ষীৰুদ গোস্বামীয়ে মাজুলী যোৰহাট সংযোগী দলঙৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ থকাত ক্ষোভ প্ৰকাশ কৰাৰ ওপৰিও এই নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ কৰিবলৈ চৰকাৰক দাবী জনাই শিলডুবি সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে ৷

লগতে পঢ়ক : মাজুলীয়ালৰ সপোনৰ দলংখন বাস্তৱ হ’ব কেতিয়া ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.