Jorhat Majuli bridge: দলং নিৰ্মাণত ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান নকৰাৰ অভিযোগ

By

Published : Jan 29, 2022, 8:42 AM IST

thumbnail

বহু প্ৰত্যাশিত যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম (Construction of Jorhat Majuli bridge) ইতিমধ্যে আৰম্ভ হৈছে । দলং নিৰ্মাণৰ বাবে ইতিমধ্যে মাজুলীৰ সমান্তৰালভাৱে যোৰহাট জিলাৰ হাতীশালটো দলং নিৰ্মাণৰ বাবে প্ৰয়োজনীয় যন্ত্ৰাংশকে ধৰি অন্যান্য সামগ্ৰী আদি মজুত কৰি আৰম্ভ কৰা হৈছে দলঙৰ কাম । মাজুলী-যোৰহাট সংযোগী এই দলঙে বহু আশাৰ বতৰা কঢ়িয়াই আনিলেও কিন্তু একাংশ লোকৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনিছে । চৰকাৰে দলং নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটিত থকা কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভঙাৰ নিৰ্দেশ দিয়াৰ উপৰি মূল্যবান গছ-গছনি, খেতি কৰা ভূমি, আদি অধিগ্ৰহণ কৰিছে (land acquisition for Construction of Jorhat Majuli bridge) । কিন্তু ইয়াৰ বিপৰীতে এইসকল ক্ষতিগ্ৰস্তক প্ৰদান কৰা নাই উপযুক্ত ক্ষতিপূৰণ । যাৰ বাবে এতিয়া ক্ষোভিত হৈছে হাতীশালবাসী। ইতিমধ্যে, ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত নাগৰিক সভাৰ আয়োজন কৰিছে মিচিং ছাত্র সন্থাই আৰু এই সভাত টীয়কৰ বিভিন্ন দল সংগঠন উপস্থিত থাকি ক্ষতিগ্ৰস্ত সকলক উচিত ক্ষতিপুৰণ দিবলৈ চৰকাৰক অনুৰোধ জনাইছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.