ETV Bharat / state

মাজুলীয়ালৰ সপোনৰ দলংখন বাস্তৱ হ’ব কেতিয়া ?

author img

By

Published : Jul 5, 2022, 9:04 PM IST

Jorhat Majuli bridge under uncertainty
Jorhat Majuli bridge under uncertainty

যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল (Jorhat Majuli bridge under uncertainty)। দুমাহ পাঁচ দিন পাৰ হ’ল নিৰ্মানৰ কাম বন্ধ হোৱাৰ । নিমাওমাও পৰিবেশ নিৰ্মাণথলীত । মামৰে ধৰিবলৈ আৰম্ভ কৰিছে দলং নিৰ্মাণৰ বাবে অনা লোহাত (Bridge to Majuli)। দলং নিৰ্মাণৰ এই স্থবিৰতাই মাজুলীবাসীক ভবাই তুলিছে সপোনৰ দলংখন সঁচাকৈ হ’বগৈনে ?

মাজুলী, 5 জুলাই : প্ৰায় দুই লক্ষ মাজুলীয়ালৰ এক দীৰ্ঘদিনীয়া সপোন মাজুলী-যোৰহাট সংযোগী দলং । এখন দলং নোহোৱাৰ বাবে কিমান সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় সেয়া মাজুলীয়ালৰ বাহিৰে আনে উপলব্ধি কৰিব নোৱাৰে ৷ বহুদিনৰ পৰাই কৈ থকা হৈছিল যে দলংখন হ’ব ৷ লুইতৰ বুকুৱেদি বহু পানী বৈ গ’ল ৷ কিন্তু দলংখন নহ’ল (Jorhat Majuli bridge under uncertainty)৷

2021 বৰ্ষৰ 29 নৱেম্বৰত ভূমি পূজনেৰে খুঁটা পোতা হৈছিল মাজুলী-যোৰহাট সংযোগী দলঙৰ (Bhoomi pooja of Majuli bridge)৷ ৯২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই দলঙৰ দৈৰ্ঘ্য নিৰ্ধাৰিত আছিল 8,25 কিলোমিটাৰ । কিন্তু এই সপোনৰ দলংখনৰ কামৰ আৰম্ভণিতে লাগিছিল কেণা । মাজুলী-যোৰহাট সংযোগী দলঙৰ ৮ নং আৰু ১১ নং খুঁটাত বিসংগতি ধৰা পৰিছিল যোৱা ১ মে’ তাৰিখে ।

মাজুলীলৈ দলংখন হ’ব নে ?

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ বিসংগতি (Anomaly in Majuli bridge construction) পোহৰলৈ আনিছিল দল সংগঠন, স্থানীয় ৰাইজ আৰু সংবাদ মাধ্যমে । এই বিসংগতিৰ কথা জানিব পাৰি নিৰ্মাণস্থলীত স্থানীয় বিধায়ক আৰু উপায়ুক্ত উপস্থিত হৈ বিসংগতি দূৰ নোহোৱালৈকে কাম বন্ধ কৰিছিল দলং নিৰ্মাণৰ । বিসংগতি পৰীক্ষণৰ বাবে আহিল বিশেষজ্ঞ ৷ দিল্লীৰ পৰাও আহিল অভিযন্তা ৷ কিন্তু এই দলঙৰ বিসংগতিৰ কোনো আনুষ্ঠানিক ফলাফল ৰাজহুৱা নহ’ল (Bridge to Majuli)।

যি বন্ধ হ’ল হ’লেই, নাই ৰাজমাৰ্গ বিভাগীয় অভিযন্তা, নাই ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেচনৰ কোনো কৰ্মচাৰী । বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, এতিয়াও তৈয়াৰ হোৱা নাই দলঙৰ সম্পূৰ্ণ নক্সা, দূৰ হোৱা নাই বিসংগতি । মাজুলীৰ দলংখনৰ সন্দৰ্ভত আমি কিছু অতীত খুচৰি চোৱাৰ থল আছে ৷

বিগত বৰ্ষৰ 8 ছেপ্টেম্বৰত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাই অসমৰ একমাত্ৰ নদীদ্বীপ মাজুলী(Assam's only river Island Majuli)ক ৰাজ্যখনৰ মূল ভূ-খণ্ডৰ সৈতে সংযোগ কৰাৰ বাবে বহুচৰ্চিত দলংখনৰ প্ৰয়োজনীয়তাৰ বিষয়টোক পুনৰ এবাৰ প্ৰাসংগিক কৰি তুলিলে ৷ এই দলঙৰ বাবে ইতিমধ্যে দুবাৰকৈ আধাৰশিলাও স্থাপন কৰা হৈছে ৷ কিন্তু, কাৰ্যতঃ আজি পৰ্যন্ত দলংখন সম্পূৰ্ণ ন'হল, যিয়ে ইতিমধ্যে বহুতৰ প্ৰাণ কাঢ়ি নিয়া অতীতৰ ঘটনাসমূহৰ পৰা কোনো শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাকে প্ৰমাণ কৰিছে ৷

উল্লেখ্য় যে, মাজুলীক নিমাতীঘাটৰ সৈতে সংযোগ কৰা প্ৰস্তাৱিত দলংখন ২০১৬ চনত অসমত ক্ষমতালৈ অহা বিজেপিৰ এটা অন্যতম নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ৷ ২০১৬ চনতে তেতিয়াৰ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে যোৰহাটৰ নিমাতিঘাটৰ পৰা মাজুলীক সংযোগ কৰিবলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত ৬.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলঙৰ আধাৰশিলা স্থাপন কৰিছিল ৷

উক্ত পদক্ষেপে ২০১৬ চনৰ নিৰ্বাচনত গেৰুৱা দলৰ পক্ষত কাম কৰিছিল যদিও খুব সোনকালে এই প্ৰকল্প এক বিস্মৃতিত পৰিণত হৈছিল ৷ আনকি 2021 বৰ্ষত গেৰুৱা দলটোৱে অসমত দ্বিতীয় নিৰ্বাচনী যুঁজৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তো কোনেও এই বিষয়টো উত্থাপন কৰা দেখা নগ'ল ৷

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেইবা দশকধৰি মাজুলীৰ জনসাধাৰণে দাবী কৰি অহা দলং খনৰ পুনৰ ভূমি পূজন কৰে ৷ ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে ফেব্ৰুৱাৰীত কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে U.P. State Bridge Corporation Limited-ক দলং নিৰ্মাণৰ কাম আৱণ্টন দিছিল ৷ তাৰ পাচতো 2021 চনৰে 29 নবেম্বৰত আকৌ ভূমি পূজনেৰে খুটা পোতা হ’ল ৷ কিন্তু দলংখন কেতিয়া হ’ব সেয়া এতিয়া উত্তৰবিহীন প্ৰশ্ন ৷

লগতে পঢ়ক : নিমাতীঘাট নাও ট্ৰেজেডী : ৰাজনীতিত নিমজ্জিত এখন দলঙৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.