নিমাতীঘাট নাও ট্ৰেজেডী : ৰাজনীতিত নিমজ্জিত এখন দলঙৰ কাহিনী

author img

By

Published : Sep 9, 2021, 8:49 PM IST

nimatighat boat tragedy

দলং খন হ'ব বুলি বহু প্ৰতিশ্ৰুতি দিলে জননেতাই ৷ কি দিছপুৰীয়া, কি দিল্লীৱালা, সকলোৱে মুখত একে হাঁহি লৈ সৰলমনা মাজুলীবাসীক সপোন দেখুৱাইছিল এখন দলঙৰ ৷ মাজুলীলৈ এখন দলং হ'ব, মাজুলীয়ালৰ দুখ দূৰ হ'ব ৷ ভাষণত প্ৰায় সম্পূৰ্ণ হোৱা দলং খন আজিলৈকে নেদেখিলে মাজুলীবাসীয়ে ৷ কেনে এখন মায়াৱী দলং, যাক লৈ নেতাই কৰি আহিছে ৰাজনীতি ৷ মাজুলীলৈ হৈ নুঠা এই দলং খনৰ সন্দৰ্ভত ইটিভি ভাৰত অসমৰ সহকাৰী বাৰ্তা সম্পাদক অনুপ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন ৷

নিউজ ডেস্ক, 9 ছেপ্তেম্বৰ : ব্ৰহ্মপুত্ৰৰ বুকুত বুধবাৰে বিয়লি সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাত এজন নিহত হোৱাৰ লগতে দুজন লোক সন্ধানহীন হোৱা ঘটনাই অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগ(Inland water transport department)ৰ ফোপোলা স্বৰূপটোক উদঙাই দিয়াৰ লগতে কেৱল শাসনৰ অধিষ্ঠিত হোৱাৰ বাবে ৰাজনৈতিক দলসমূহৰ ভোটকেন্দ্ৰীক ৰাজনীতিৰ কথা আকৌ এবাৰ পোহৰলৈ অনা পৰিলক্ষিত হৈছে ৷

এই শোকাৱহ নাও দুৰ্ঘটনাই অসমৰ একমাত্ৰ নদী দ্বীপ মাজুলী(Assam's only river Island Majuli)ক ৰাজ্যখনৰ মূল ভূখণ্ডৰ সৈতে সংযোগ কৰাৰ বাবে বহুচৰ্চিত দলং খনৰ প্ৰয়োজনীয়তাৰ বিষয়টোক পুনৰ এবাৰ প্ৰাসংগিক কৰি তুলিছে ৷ এই দলঙৰ বাবে ইতিমধ্যে বিগত পাঁচ বছৰত দুবাৰকৈ আধাৰশিলাও স্থাপন কৰা হৈছে ৷ কিন্তু, কাৰ্যত আজি পৰ্যন্ত দলং খন সম্পূৰ্ণ ন'হল, যিয়ে ইতিমধ্যে বহুতৰ প্ৰাণ কাঢ়ি নিয়া অতীতৰ ঘটনাসমূহৰ পৰা কোনো শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাকে প্ৰমাণ কৰিছে ৷

nimatighat boat tragedy
শোকাৱহ নাও দুৰ্ঘটনাৰ পাচতে পুনৰ চৰ্চাত মাজুলী সংযোগী দলঙৰ প্ৰসংগ

উল্লেখ্য় যে, মাজুলীক নিমাতীঘাটৰ সৈতে সংযোগ কৰা প্ৰস্তাৱিত দলং খন ২০১৬ চনত অসমত ক্ষমতালৈ অহা বিজেপিৰ এটা অন্যতম নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ৷ ২০১৬ চনতে তেতিয়াৰ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে যোৰহাটৰ নিমাতিঘাটৰ পৰা মাজুলীক সংযোগ কৰিবলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত ৬.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলঙৰ আধাৰশিলা স্থাপন কৰিছিল ৷

উক্ত পদক্ষেপে ২০১৬ চনৰ নিৰ্বাচনত গেৰুৱা দলৰ পক্ষত কাম কৰিছিল যদিও খুউব সোনকালে এই প্ৰকল্প এক বিস্মৃতিত পৰিণত হৈছিল ৷ আনকি চলিত বৰ্ষত গেৰুৱা দলটোৱে অসমত দ্বিতীয় নিৰ্বাচনী যুঁজৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তো কোনেও এই বিষয়টো উত্থাপন কৰা দেখা নগ'ল ৷ ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেইবা দশকধৰি মাজুলীৰ জনসাধাৰণে দাবী কৰি অহা দলং খনৰ পুনৰ ভূমি পূজন কৰে ৷ ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে ফেব্ৰুৱাৰীত কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে U.P. State Bridge Corporation Limitedক দলং নিৰ্মাণৰ কাম আৱণ্টন দিছিল ৷

nimatighat boat tragedy
ইতিমধ্যে দুবাৰকৈ আধাৰশিলা স্থাপন কৰা হৈছে এই প্ৰস্তাৱিত দলঙৰ

বুধবাৰে সংঘটিত দুৰ্ঘটনাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দলং নিৰ্মাণ সন্দৰ্ভত মাজুলীৰ জনসাধাৰণক পুনৰ এবাৰ আশ্বাস দিব লগা হৈছিল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, দলং নিৰ্মাণৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া চলি আছে আৰু বহু আকাংক্ষিত দলং খনৰ নিৰ্মাণ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ৷ দলং খন সম্পূৰ্ণ হ'বলৈ চাৰি বছৰ সময়ৰ প্ৰয়োজন হ'ব বুলি জানিবলৈ দিয়াৰ লগতে নিৰ্মাণৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ মন্ত্ৰীৰ এটা গোট(Group of Ministers) গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে ৷

শিক্ষা নল'লে

বুধবাৰে হোৱা নাও দুৰ্ঘটনাই এই কথাৰ স্পষ্ট ইংগিত দিছে যে, ২০১২ আৰু ২০১৮ চনত ৰাজ্যখনত সংঘটিত দুটা ডাঙৰ নাও দুৰ্ঘটনাৰ পৰা কোনো ধৰণৰ শিক্ষা লোৱাত ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে ৷ ২০১২ চনত ধুবুৰী জিলাত অসমৰ ব্ৰহ্মপুত্ৰ নদীত সংঘটিত আটাইতকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত ১৭ টাতকৈও অধিক মৃতদেহ উদ্ধাৰ হৈছিল আৰু ৭০ জনৰো অধিক লোক সন্ধানহীন হৈছিল ৷ ২০১৮ চনত ব্ৰহ্মপুত্ৰ নদীৰ গুৱাহাটীৰ ওচৰত সংঘটিত আন এটা ডাঙৰ নাও দুৰ্ঘটনাত পুনৰ তিনিজনৰ সলিল সমাধি ঘটিছিল ৷

২০১৮ চনত নাও দুৰ্ঘটনাৰ পিছত যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে নদী পৰিবহণ ব্যৱস্থাক সীমিত আৰু নিয়ন্ত্ৰণ কৰি অসম চৰকাৰে এক কঠোৰ আইন প্ৰণয়ন কৰিছিল ৷ অৱশ্যে, আজি পৰ্যন্ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে আইনখনৰ কোনো ব্যৱস্থা কাৰ্যকৰী কৰা পৰিলক্ষিত নহ'ল ৷

২০১৮ চনৰ নাও দুৰ্ঘটনাৰ পিছত অসমত বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত যান্ত্ৰিক নাও চলাচল নিষিদ্ধ কৰিছিল আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ সকলো একক ইঞ্জিনযুক্ত ফেৰীক দুটা ইঞ্জিনযুক্ত ফেৰীলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল ৷ তথাপিও একক ইঞ্জিনযুক্ত মেচিন নাও আৰু ফেৰীবোৰ বুধবাৰৰ আগলৈকে চলি আছিল ৷

জাহাজত প্ৰতিজন যাত্ৰীৰ বাবে কমেও এটা লাইফ জেকেট ৰখাটো চৰকাৰে বাধ্যতামূলক কৰিছিল আৰু কৈছিল যে জাহাজত উঠাৰ সময়ত প্ৰতিজন যাত্ৰীয়ে লাইফ জেকেট পিন্ধাটো বাধ্যতামূলক হ'ব ৷ অৱশ্যে, বুধবাৰে দুৰ্ভাগ্যবশতঃ দুৰ্ঘটনাগ্ৰস্ত মেচিন নাৱত থকা কোনো যাত্ৰীক লাইফ জেকেট পিন্ধিবলৈ বাধ্য কৰা হোৱা নাছিল ৷

ক'ত হেৰাল 150 নিযুত আমেৰিকান ডলাৰ ?

বুধবাৰৰ নাও দুৰ্ঘটনাই বিশ্ব বেংকে অসমৰ আভ্যন্তৰীণ জল পৰিবহণৰ আন্তঃগাঁথনি পুনৰুজ্জীৱিত কৰিবলৈ অনুমোদন দিয়া ১৫০ নিযুত আমেৰিকান ডলাৰ ঋণৰ প্ৰসংগটোকো পুনৰ আলোচ্য বিষয় কৰি তুলিছে ৷ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বিশ্ব বেংকৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তিৰ পিছতে বিশ্ব বেংকে আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ৮৮ নিযুত আমেৰিকান ডলাৰৰ প্ৰথম কিস্তিও মুকলি কৰিছিল ৷ ২০২০ চনৰ ১৬ জানুৱাৰীত এই চুক্তি স্বাক্ষৰিত হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.