ETV Bharat / state

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত বিসংগতি

author img

By

Published : May 20, 2022, 5:10 PM IST

technical-fault-detected-in-jorhat-majuli-bridge
মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত বিসংগতি

ধলা-শদিয়া দলং নিৰ্মাণত যি গৰাকী অভিযন্তা নিয়োজিত হৈ আছিল সেই অভিযন্তাগৰাকী বৰ্তমান মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণৰ দায়িত্ব আছে । সেই বিষয়া গৰাকীয়ে চোৱা চিতা কৰা ধলা-শদিয়া দলঙত বৰ্তমান ফাট মেলিছে । ভাৰত চৰকাৰৰ পথ পৰিবহন মন্ত্ৰণালয়ৰ জ'ন-5 ৰ মুখ্য অভিযন্তাৰ দায়িত্বত থকা ইউ চি কাটাৰে কয় যে প্ৰয়োজন হলে দলঙৰ ৮ নম্বৰ খুটা ভাঙি পুনৰ নিৰ্মাণ কৰা হ'ব (Re construction of Jorhat Majuli bridge) ।

মাজুলী, 20 মে': মাজুলী-যোৰহাট সংযোগী দলং (Jorhat Majuli bridge) নিৰ্মাণত শেহতীয়াকৈ দেখা দিছে ব্যাপক বিসংগতিয়ে (Problem in construction of Jorhat Majuli bridge) । ফলত বিগত ২০ দিন ধৰি বন্ধ হৈ আছে দলঙৰ নিৰ্মাণকাৰ্য । বন্ধ হৈ থকা দলং নিৰ্মাণস্থলীত শুকুৰবাৰে ভাৰত চৰকাৰৰ পথ পৰিবহন মন্ত্ৰণালয়ৰ জ'ন-5 ৰ মুখ্য অভিযন্তাৰ দায়িত্বত থকা ইউ চি কাটাৰ উপস্থিত হৈ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে ।

তেঁও কাৰিকৰী বিসংগতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব ভাৰত চৰকাৰৰ হাতত । সেই প্ৰতিবেদন মৰ্মেহে দলং নিৰ্মাণৰ কাম বৰ্তমানৰ এই কোম্পানীটোক দিব নে নিৰ্মিয়মান খুটা ভাঙি দিয়া হ'ব সেয়া পৰৱৰ্তী সময়তহে নিশ্চিত হব । ভাৰত চৰকাৰৰ পথ পৰিবহন মন্ত্ৰণালয়ৰ জ'ন-5 ৰ মুখ্য অভিযন্তাৰ দায়িত্বত থকা ইউ চি কাটাৰে কয় যে প্ৰয়োজন হলে দলঙৰ ৮ নম্বৰ খুটা ভাঙি পুনৰ নিৰ্মাণ কৰা হ'ব । দলঙৰ কামৰ ক্ষেত্ৰত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ লগত চৰকাৰে কোনো ধৰণৰ আপোচ নকৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।

ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা অলিন হাজৰিকাই সাংবাদিকৰ আগত কয় যে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ লোকসকলে ইউ চি কাটাৰক দলং নিৰ্মাণত থকা বিসংগতিসমূহ শুদ্ধ ৰূপত দেখুৱাই দিয়া নাই । মাত্ৰ দায়সৰা মন্তব্য দিছে অভিযন্তা গৰাকীক কোম্পানীৰ লোকসকলে । ধলা-শদিয়া দলং নিৰ্মাণত যি গৰাকী অভিযন্তা নিয়োজিত হৈ আছিল সেই অভিযন্তাগৰাকী বৰ্তমান মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণৰ দায়িত্ব আছে । সেই বিষয়া গৰাকীয়ে চোৱা চিতা কৰা ধলা-শদিয়া দলঙত বৰ্তমান ফাট মেলিছে ।

লগতে পঢ়ক: কেউফালে পানী; নাৱত উঠি পঢ়াশালিলৈ আহিছে এইসকল শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.