ETV Bharat / state

কেউফালে পানী; নাৱত উঠি পঢ়াশালিলৈ আহিছে এইসকল শিশু

author img

By

Published : May 20, 2022, 10:43 AM IST

Updated : May 20, 2022, 10:58 AM IST

দামী দামী বাহনৰ সলনি ৰাজ্যৰ এখন বিদ্যালয়লৈ যাবলৈ ছাত্ৰ-ছাত্ৰীক লাগে কেৱল নাও (Students come by boat to a school in Jonai) ৷ ভৱিষ্যৎ ৰঙীন কৰাৰ স্বাৰ্থত প্ৰতি পুৱাই হাতত ফলি, কিতাপ লৈ নাৱত উঠি বিদ্যালয়লৈ আহে এজাক কণমানি ৷ পিছে ক’ত আছে এই বিশেষ বিদ্যালয়খন ? সবিশেষ আমাৰ এক প্ৰতিবেদন...

Boat is only way to come and go to school at Jonai
নাৱত উঠি পঢ়াশালিলৈ আহিছে এইসকল শিশু

জোনাই 20 মে’ : সততে অভিভাৱকসকলে বিদ্যালয়লৈ সন্তানক থ’বলৈ কিহত যায় বাৰু ? বাছ, মটৰ চাইকেল নাইবা অন্যান্য বাহনত, নহয় জানো ! আনকি আপুনি হয়তো দেখিছে অভিভাৱকে নিজ ল’ৰা-ছোৱালীক চাইকেল, মটৰ চাইকেল বা গাড়ীৰে বিদ্যালয়লৈ অনা নিয়া কৰি বিদ্যালয়ৰ সম্মুখত শাৰী পতাও ৷ কিন্তু আজি আমি কব’লৈ বিচাৰিছো এনেকুৱা এখন বিদ্যালয়ৰ কথা, য’ত অভিভাৱকে সন্তানক বিদ্যালয়ত থ’বলৈ আহে নাৱেৰে ৷

Boat is only way to come and go to school at Jonai
অভিভাৱকে সন্তানক বিদ্যালয়ত থ’বলৈ আহে নাৱেৰে

আমি ক’বলৈ লোৱা এই বিদ্যালয়খন হৈছে জোনাই মহকুমাৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত বানাক্ৰান্ত অঞ্চল বিষ্ণুপুৰৰ এখন বড়ো মাধ্যমৰ প্ৰাৰ্থমিক বিদ্যালয় ৷ চাইকেল, মটৰ চাইকেল নাইবা বিভিন্ন বাহনৰ সলনি জোনাইৰ এই বিশেষ প্ৰাৰ্থমিক বিদ্যালয়খনৰ সন্মুখত প্ৰতি পুৱা আৰু বিয়লি শাৰী শাৰীকৈ ৰয় হি বহু নাও ৷

অভিভাৱকসকলে নিজ নিজ সন্তানক বিদ্যালয়লৈ অনা নিয়া কৰাৰ একমাত্ৰ ব্যৱস্থাটোৱে হৈছে নৌকা বিহাৰ (Boat is only way to come and go to school at Jonai) ৷ এয়া জোনাইৰ এখন বানে ধোৱা অঞ্চলৰ দৃশ্য ৷

লগতে পঢ়ক : দৰঙত অপৰিবৰ্তিত বান পৰিস্থিতি

উল্লেখ্য যে, বিগত কেইবাদিন ধৰি ৰাজ্যত হৈ আছে প্ৰৱল বৃষ্টিপাত ৷ যাৰ ফলত ৰাজ্যৰ অধিকাংশ অঞ্চল এতিয়া পানীৰ তলত (Flood situation grim in Assam) ৷ প্ৰায় এমাহ ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত জোনাইৰ বিষ্ণুপুৰ গাঁৱৰ বিষ্ণুপুৰ বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ চাৰিওফালে দেখা গৈছে এতিয়া মাথোঁ পানী আৰু পানী ৷

বাট পথ সকলো প্ৰায় এমাহ ধৰি ডুব গৈ আছে পানীৰ তলত ৷ তথাপিও অভিভাৱকসকলে নিজৰ সন্তানক শিক্ষাৰ পৰা বঞ্চিত কৰা নাই ৷ কষ্ট মাজেৰে হ’লেও নাৱৰে নিজৰ সন্তানক বিদ্যালয়লৈ প্ৰতিদিনে এনেদৰে অনা নিয়া কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : বেকী নৈৰ খহনীয়াত ৰাইজৰ ক্ষতি হ’লে জগৰীয়া হ’ব চৰকাৰ : অখিল গগৈ

Last Updated :May 20, 2022, 10:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.