ETV Bharat / state

Book released at Majuli:bদৃষ্টিহীনা ৰীপাৰ উপন্যাস 'জীৱন তৃষ্ণাৰ সীমনা' উন্মোচন

author img

By

Published : Jan 29, 2023, 3:20 PM IST

Book released in Majuli
দৃষ্টিহীনা ৰীপাৰ উপন্যাস উন্মোচন

আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰীপা দোলাকাষৰীয়াৰ উপন্যাস উন্মোচন (Ripa Dolakasariyas novel released)। নাৰী সমাজক লৈ অতীতৰে পৰা চলি অহা কিছুমান বিষয়ক কেন্দ্ৰ কৰি এই উপন্যাসখন ৰচনা কৰা হৈছে ।

দৃষ্টিহীনা ৰীপাৰ উপন্যাস উন্মোচন

মাজুলী, ২৯ জানুৱাৰী:মাজুলী জিলাৰ আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শণিবাৰে এখন উপন্যাস উন্মোচন কৰা হয় (Auniati Hemchandra Higher Secondary School)। মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৰেন চন্দ্ৰ ঠাকুৰীয়াৰ পৌৰোহিত্যত এই উপন্যাস উন্মোচনী সভাখন অনুষ্ঠিত হয় (Book released in Majuli) । কালি অনুষ্ঠিত হোৱা এখন গাম্ভীৰ্যপূৰ্ণ সভাত মাজুলীৰ কমলপুৰ গাঁৱৰ নিৱাসী দৃষ্টিহীনা ৰীপা দোলাকাষৰীয়াৰ উপন্যাস 'জীৱন তৃষ্ণাৰ সীমনা 'উন্মোচন কৰা হয় ৷ এই উপলক্ষে আয়োজিত সভাত কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰে । এই উপন্যাসখন উন্মোচন কৰে বিশিষ্ট সাহিত্য়ক ৰঞ্জিত ভূঞাই । তেওঁ ৰীপা দোলাকাষৰীয়াৰ এনে পদক্ষেপক আদৰণি জনাই ভৱিষ্য়তেও গ্ৰন্থ ৰচনা কৰি যাবলৈ আহ্বান জনায় ।

উল্লেখ্য় যে দহ বছৰ মানৰ আগতেই চকুৰ অস্ত্ৰোপচাৰ কৰাৰ পিছত দুৰ্ভাগ্য়জনকভাৱে দৃষ্টিশক্তি হেৰুৱাইছিল ৰীপা দোলাকাষৰীয়াই । অৱশ্য়ে তেওঁ দৃষ্টিশক্তি হেৰুৱাওৱাৰ পিছত সৃষ্টিৰ বাবে থমকি ৰোৱা নাই । অন্ধত্বক আঁকোৱালি লোৱা ৰীপাই নিজৰ মনৰ মাজত সাহিত্যিক সত্তা জীয়াই ৰাখি নীৰৱে সাহিত্য সাধনা কৰি আহিছে ৷ সুকণ্ঠী গায়িকা আৰু সুবক্তা ৰীপাই ইতিমধ্য়ে বহুতো কবিতা লিখি পাঠকৰ পৰা সমাদৃত হৈছে ৷

মাজুলী আউনীআটী হেমচন্দ্ৰ হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী মনীষা ভূঞাই অনুলিখনৰে লিখি উলিওৱা গ্ৰন্থখনি সুখপাঠ্য হ'ব বুলি সকলোৰে দৃঢ় বিশ্বাস কয় মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹দেৱজিৎ শইকীয়াই (Principal of Majuli College) ৷ তেওঁ ৰীপা দৃষ্টিহীন হ'লেও অন্তৰ্দৃষ্টি অতি প্ৰখৰ বুলি মন্তব্য় কৰি পাঠকসকলে গ্ৰন্থখন ক্ৰয় কৰি পঢ়িলে লেখিকাৰ শ্ৰম সাৰ্থক হ'ব আশা প্ৰকাশ কৰে । এনে কৰিলে ৰীপা দোলাকাষৰীয়া অধিক উৎসাহিত হ’ব বুলি উল্লেখ কৰে ড৹দেৱজিৎ শইকীয়াই ৷

অসম চৰকাৰে নানা জনমুখী আঁচনিৰ জৰিয়তে সমাজৰ ভিন্ন ক্ষেত্ৰৰ প্ৰতিভাসমূহক উৎসাহিত কৰি আহিছে ৷ চৰম দাৰিদ্ৰ্যৰ মাজেৰে শাৰীৰিক বাধা নেওচি যাবলৈ ৰীপাৰো চৰকাৰী সহায়ৰ অতি প্ৰয়োজন ৷ সেয়েহে স্থানীয় ৰাইজে ৰীপাক সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে । ইফালে, বহুদিনীয়া সপোন এটা পূৰ হোৱাত নিজেও আনন্দিত হোৱা বুলি কয় ৰীপাই । তেওঁ এইখন উপন্যাসত নাৰী সমাজক লৈ অতীতৰে পৰা চলি অহা কিছুমান বিষয় অন্তৰ্ভুক্ত কৰা বুলি কয় ।

লগতে পঢ়ক:Padma awardee Mangala Kanti Roy: এই কলাই মোক কেতিয়াও বিত্তীয় সুৰক্ষা দিয়া নাছিল; এগৰাকী পদ্মশ্ৰীৰ আক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.