ETV Bharat / bharat

Padma awardee Mangala Kanti Roy: এই কলাই মোক কেতিয়াও বিত্তীয় সুৰক্ষা দিয়া নাছিল; এগৰাকী পদ্মশ্ৰীৰ আক্ষেপ

author img

By

Published : Jan 29, 2023, 1:18 PM IST

এগৰাকী শিল্পী আমাৰ দেশৰ আপুৰুগীয়া সম্পদ ৷ 74 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত দেশৰ বিভিন্ন বৃত্তি আৰু বিভিন্ন ক্ষেত্ৰৰ পৰা 91 গৰাকী লোকৰ পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকাত নাম অন্তৰ্ভুক্ত হ’ল পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ 102 বছৰীয়া চাৰিন্দা বাদক মঙলা কান্তি ৰয়ৰ (Padma awardee Mangala Kanti Roy)৷

Padma awardee Mangala Kanti Roy
চাৰিন্দা বাদক মঙলা কান্তি ৰয়

চাৰিন্দা বাদক মঙলা কান্তি ৰয়

নেশ্যেনেল ডেস্ক, 29 ডেস্ক: "শিল্পী মই তিনিও কালৰ, আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ ৷" জীৱন সংগ্ৰামৰ পথ মন্থৰ নহয় । আচলতে, এক কথাত ক'বলৈ গ'লে এগৰাকী শিল্পীৰ জীৱন কোনোদিনেই সহজ নহয় ৷ এগৰাকী শিল্পীৰ কামেৰে ইতিহাস সমৃদ্ধ হয়, এটা জাতিৰ জাতীয় জীৱনত শিল্পীৰ এক বিশেষ স্থান আছে ৷ আজি আমি আপোনালোকক এনে এগৰাকী শিল্পীৰ কথা ক’বলৈ ওলাইছো, যিগৰাকী শতবৰ্ষ গৰকা শিল্পীয়ে পদ্মশ্ৰী বঁটাৰ বাবে নাম ঘোষণা হোৱাৰ পিচতো লুকুৱাব নোৱাৰিলে নিজৰ দুখ ৷

শেহতীয়াকৈ চলিত বৰ্ষত দেশৰ বিভিন্ন বৃত্তি আৰু বিভিন্ন ক্ষেত্ৰৰ পৰা 91 গৰাকী পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা ঘোষণা কৰা হৈছে (Padma Shri award announcement)৷ ইয়াৰ ভিতৰত পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ 102 বছৰীয়া চাৰিন্দা বাদক মঙলা কান্তি ৰয়ৰ (Padma awardee Mangala Kanti Roy) নামো এই তালিকাত উল্লেখ আছে ৷

এই খবৰ পোৱাৰ পিচত ৰয়ে আবেগিক হৈ কয়, "যেতিয়া মই এই বাদ্যযন্ত্ৰটো বজাওঁ তেতিয়া মই নিজকে সজীৱ অনুভৱ কৰোঁ ৷ মোৰ চাৰিন্দাখনে মোক অপৰিসীম সন্তুষ্টি প্ৰদান কৰে । মই এই অনুভৱ শব্দৰে বৰ্ণনা কৰিব নোৱাৰো । চাৰিন্দা বাদনৰ সময়ত মই নিজকে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি যেন অনুভৱ কৰোঁ ৷"

লগতে ৰয়ে কয়, "পলমকৈ হ’লেও মই জীৱিত অৱস্থাত এই স্বীকৃতি লাভ কৰি মই সুখী অনুভৱ কৰিছোঁ । মই পাঁচ বছৰ বয়সৰ পৰাই চাৰিন্দা বজাই আহিছোঁ । মই এই বাদ্যযন্ত্ৰখনৰ সৈতে সমগ্ৰ দেশ ভ্ৰমণ কৰিছো ৷ প্ৰত্যেকগৰাকী লোকৰ সন্মুখত মই এই বাদ্যযন্ত্ৰ প্ৰদৰ্শন কৰিছো । অৱশ্যে এই কলাই মোক কেতিয়াও বিত্তীয় সুৰক্ষা প্ৰদান কৰা নাছিল ৷ মই বহু সময়ত প্ৰত্যাহ্বানমূলক অৰ্থনৈতিক পৰিস্থিতিত জীয়াই থাকিব লগা হৈছিল ৷"

74 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত 'কলা (লোক সংগীত) শ্ৰেণীৰ পদ্মশ্ৰী বঁটা বিজয়ীসকলৰ ভিতৰত মঙলা কান্তি ৰয়ৰ নামো ঘোষণা কৰা হৈছিল । ইয়াৰ পূৰ্বে 2017 চনত মমতা বেনাৰ্জী চৰকাৰে ৰয়ক 'বংগ ৰত্ন' সন্মানেৰে বিভূষিত কৰিছিল ৷ ৰয়ে কৰ্মশালা আৰু প্ৰদৰ্শনৰ জৰিয়তে বিগত আঠ দশক ধৰি চাৰিন্দাৰ প্ৰচাৰ আৰু সংৰক্ষণ কৰি আহিছে ।

ক’ভিড 19 মহামাৰীৰ (Covid 19 pandemic) সময়ত শ্ব’সমূহ বন্ধ হৈ যোৱাৰ বাবে ৰয়ৰ বিত্তীয় অৱস্থাৰ অধিক অৱনতি ঘটিছিল বুলি তেওঁ জানিবলৈ দিয়ে ৷ চাৰিন্দা বাদক ৰয়ৰ তিনিজন পুত্ৰ আৰু এগৰাকী কন্যা আছে ৷ তথাপিও তেওঁ অকলে থাকি বেছি ভাল পোৱা বুলি মন্তব্য প্ৰকাশ কৰে ৷

উক্ত তালিকাখনত 6 জন পদ্ম বিভূষণ, 9 জন পদ্মভূষণ আৰু 91 জন পদ্মশ্ৰী বিজয়ী আছে । বঁটা প্ৰাপ্তসকলৰ ভিতৰত 9 গৰাকী মহিলা আৰু 7 জনে মৰণোত্তৰভাৱে বঁটা লাভ কৰিব । আগন্তুক মাৰ্চ বা এপ্ৰিলৰ আশে-পাশে ৰাষ্ট্ৰপতি ভৱনত (Rashtrapati Bhawan) আয়োজিত এক অনুষ্ঠানত 106 গৰাকী লোকক ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰিব ৷

লগতে পঢ়ক: Mini Couple Marriage : ৰাজস্থানৰ মিনি দম্পতিৰ এখন আড়ম্বৰপূৰ্ণ বিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.