ETV Bharat / state

ইটানগৰত বাঘৰ আক্ৰমণত নিহত চিৰিয়াখানাৰ কৰ্মচাৰী

author img

By

Published : May 19, 2021, 10:21 PM IST

zoo-worker-died-after-tiger-attack
ইটানগৰত বাঘৰ আক্ৰমণত নিহত চিৰিয়াখানাৰ কৰ্মচাৰী

ইটানগৰৰ চিৰিয়াখানাত মঙলবাৰে সংঘটিত হৈছে এক অঘটন ৷ চিৰিয়াখানাত কৰ্মৰত পাওলুচ কৰ্মকাৰ নামৰ এজন কৰ্মচাৰীক ’ চিপ্পি’ নামক বাঘটোৱে আক্ৰমণ চলাই নিহত কৰে ৷ নিহত কৰ্মচাৰীজনৰ ঘৰ লখিমপুৰ জিলাৰ ঢেকিয়াজুলিত বুলি জানিব পৰা গৈছে ৷

বিহপুৰীয়া,19 মে’ : ইটানগৰত চিৰিয়াখানাত মঙলবাৰে সংঘটিত হৈছে এক অঘটন ৷ চিৰিয়াখানাত কৰ্মৰত পাওলুচ কৰ্মকাৰ নামৰ এজন কৰ্মচাৰীক ’ চিপ্পি’ নামক বাঘটোৱে আক্ৰমণ চলাই নিহত কৰে ৷ নিহত কৰ্মচাৰীজনৰ ঘৰ লখিমপুৰ জিলাৰ ঢেকিয়াজুলিত বুলি জানিব পৰা গৈছে ৷ বিগত একুুৰি বছৰ ধৰি প্ৰয়াত কৰ্মকাৰে ইটানগৰৰ চিৰিয়াখানাত কৰ্মৰত আছিল।

চিৰিয়াখানাৰ কিউৰেটৰ ৰায়া ফ্লা'গে জানিব দিয়া মতে, মঙলবাৰে দুপৰীয়া ২.৩০ বজাত কৰ্মচাৰী পাওলুুচ কৰ্মকাৰক বাঘে খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰা হয় । চিৰিয়াখানাত প্ৰৱেশ কৰা তিনিখন দ্বাৰৰ ভিতৰত তিনিওটা খোলা থকাৰ কাৰণত বাঘৰ আক্ৰমণত কৰ্মচাৰীৰ মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে ।

zoo-worker-died-after-tiger-attack
ইটানগৰত বাঘৰ আক্ৰমণত নিহত চিৰিয়াখানাৰ কৰ্মচাৰী

ইতিমধ্যে ইটানগৰ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ মহকুমা আৰক্ষী বিষয়া কামদাম সিকমে কৰ্মচাৰীজনৰ আকস্মিক মৃত্যৰ সন্দেৰ্ভত ইটানগৰ আৰক্ষীক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি অৱগত কৰে ৷ ইফালে বুধবাৰে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰ কে মিছন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: ঘোৰ অন্ধকাৰত কৃষকৰ জীৱন: এফালে গৰাখহনীয়া আনফালে মিনি লকডাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.