ETV Bharat / state

Rainwater in Lakhimpur Medical College : এজাক বৰষুণত বুৰিল অভিজাত লখিমপুৰ মেডিকেল কলেজ

author img

By

Published : Apr 2, 2023, 9:52 PM IST

Rainwater in Lakhimpur Medical College
বৰষুণৰ পানীত বুৰ গ’ল লখিমপুৰ মেডিকেল কলেজ

কোনো উৰুখা পঁজা নহয় । এটা পাঁচশ কোটি টকীয়া নৱ নিৰ্মিত বিল্ডিং । বৰষুণৰ পানীত বুৰ গৈছে এই বিল্ডিঙটোৰ গ্ৰাউণ্ড ফ্ল’ৰ । এই বিল্ডিঙটো হ’ল লখিমপুৰ মেডিকেল কলেজৰ । দেওবাৰে বিয়লি বৰষুণৰ পানীত বুৰ যায় মেডিকেল কলেজখনৰ জৰুৰীকালীন বিভাগৰ গ্ৰাউণ্ড ফ্ল’ৰ (Rain water in LMCH) ।

বৰষুণৰ পানীত বুৰ গ’ল লখিমপুৰ মেডিকেল কলেজ

লখিমপুৰ, ২ এপ্ৰিল : বিপদে লগ নেৰা হৈছে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লখিমপুৰ মেডিকেল কলেজক ৷ কেতিয়াবা যদি হাস্পতালখনৰ চাদ খহে ৷ কেতিয়াবা আকৌ হাস্পতালখনত নাথাকে বিজুলী ৷ আনকি কেতিয়াবা আকৌ চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু মুখত পৰে ৰোগী ৷ পিছে এইবাৰ লখিমপুৰ মেডিকেল কলেজত ঘটিল এক আজব ঘটনা ৷ এজাক বৰষুণতে বুৰ গ’ল কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হাস্পতালখন (Water penetrates into Lakhimpur Medical College)৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগে স্থানীয় দল-সংগঠন ৷

জানিব পৰা মতে, দেওবাৰে বিয়লিৰ ভাগত লখিমপুৰত আহিছিল এজাক বৰষুণ ৷ কিছু সময়ৰ বাবে অহা এজাক বৰষুণতে বুৰ গ’ল মেডিকেল কলেজখনৰ জৰুৰীকালীন বিভাগৰ নৱ নিৰ্মিত বিল্ডিঙৰ গ্ৰাউণ্ড ফ্ল’ৰ (Rain water in LMCH) ৷ ফলত ৰোগীৰ মাজত সৃষ্টি হয় এক হাহাকাৰময় অৱস্থা ৷

উল্লেখ্য যে, বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা হৈছিল গৌতম কন্সট্ৰাকশ্যনেপাঁচশ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা এই হাস্পতালখন ৷ উদ্বোধনৰ পাচৰে পৰাই এটাৰ পাচত আন এটা বিতৰ্কই লগ নেৰা হৈছে লখিমপুৰ মেডিকেল কলেজখনক ৷ দেওবাৰে হঠাৎ অহা এজাক বৰষুণত নৱ নিৰ্মিত হাস্পতালখনখন বুৰ যোৱা সন্দৰ্ভত বিভিন্ন জনে ব্যক্ত কৰিছে এতিয়া নিজৰ প্ৰতিক্ৰিয়া ৷

এজাক বৰষুণতে নৱ নিৰ্মিত হাস্পতালখন পানীময় হৈ পৰা সন্দৰ্ভত অসমীয়া যুৱ মঞ্চৰ সচিব অনুপম শইকীয়াই কয় যে গৌতম কন্সট্ৰাকশ্যনে লখিমপুৰ মেডিকেল কলেজখন নিৰ্মাণ কৰাত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছিল ৷ যাৰ ফলত এই হাস্পতালখনত উদ্বোধনৰ পাচৰে পৰা বহু সমস্যাই গা কৰি উঠা দেখা গৈছে ৷

তেওঁ আৰু কয়, ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন সময়ত বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ সেয়ে দুৰ্নীতিত পোত গৈ থকা গৌতম কন্সট্ৰাকশ্যনৰ বিৰুদ্ধেও তদন্ত কৰিব লাগে ৷ লগতে প্ৰয়োজনত গৌতম কন্সট্ৰাকশ্যন নামৰ কোম্পানীটোক ব্লেকলিষ্টেড কৰিব লাগে’’ ৷

লগতে পঢ়ক : Delhi CM criticized PM Modi; দেশক শিক্ষিত প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন আছে; অৰবিন্দ কেজৰিৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.